শিশুৰ বাবে সাধাৰণ জ্ঞান ও কিছু সহজ প্রশ্ন আৰু উত্তৰ | Quiz for Kids in Assamese

শিশুৰ বাবে সাধাৰণ জ্ঞান ও কিছু সহজ প্রশ্ন আৰু উত্তৰ |Quiz for Kids in Assamese




আজিকালি শিশুসকলে  টেলিভিছন বা কম্পিউটাৰৰ আগতে অত্যাধিক সময় ব্যয় কৰে, এতিয়ালৈ সিহঁতে পৃথিবীত কি ঘটিছে সেই সম্পৰ্কে  অবগত নহয় । টেলিভিছনত সিহতে  কার্টুন দেখে আৰু শিশুসকলে যদি হাতত মোবাইল ফোন পায় বা  কম্পিউটাৰ ব্যবহাৰ কৰে, তাৰ মানেই সিহতে কোনো নতুন গেম এখনত ব্যস্ত।  শুনিব হয়তো হাস্যকৰ, কিন্তু আপোনাৰ বুজিব লাগিব যে, আপোনাৰ শিশুক ইলেকট্রনিক ডিভাইচৰ লগত সম্পৰ্ক গঢ়ি দি আপুনিয়েই তাক অসামাজিক হিচাপে গঢ় দি আছে , আৰু দূৰলৈ ভাবি চালে দেখিব পাৰি শিশু এজনৰ ইয়াৰ পৰা ক্ষতি হে হৈ আছে । আপোনাৰ সন্তানজনক বাহিৰৰ পৃথিৱীখনক বুজিবলৈ দিয়া উচিত । শিশুজনক বাহিৰলৈ যাব দিয়ক,সমনীয়াৰ লগত খেলা ধূলা কৰিব দিয়ক, কাৰণ এনেকৈয়ে সি নতুন কিবা শিকিব পাব,আৰু নিজৰ বিবেক বিছাৰ বুদ্ধিৰ ওপৰত গুৰুত্ব দিব পাৰিব। প্রত্যেক বিষয়ত তাৰ নিজেৰ মতামত ৰাখিবলৈ শিকিব পাৰিব।

আজিৰ সময়ত আপোনাৰ সন্তানৰ সচেতনতা বৃদ্ধিৰ  কাৰণে এইটো গুৰূত্বপূর্ণ ।  আপোনাৰ সন্তানজনে এই প্ৰতিযোগিতামূলক জগতখনৰ প্ৰতিটো প্ৰতিযোগিতাত ভাগ লবলৈ,তাৰ ওচৰত ঘটি থকা ঘটনাৱলী আৰু সেই সম্পৰ্কে শিশুজনক অধিক সচেতন হবলৈ সুযোগ তৈৰি কৰি দিয়াৰ এটা উপায় হল সাধাৰণ জ্ঞান বৃদ্ধি কৰা ।
 যদি শিশুৰ  আয়ত্বত  সাহায্য কৰিবলৈ আপোনাৰ হাতত থাকে কিছু কুইজ তেনেহলে আৰু অধিক আনন্দৰ বিষয়।

কিন্তু মনত ৰাখিব শিশুৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ যেন শিশুজনৰ বয়স অনুপাতে হয়।

প্ৰথম শ্ৰেণীৰ শিশুৰ বাবে সাধাৰণ জ্ঞান ( কুইজ )
(৩ৰ পৰা ৬বছৰ বয়সৰ শিশুৰ বাবে )



যি কোনো শিশুৰ কাৰণে, তাৰ সাধাৰণ জ্ঞানৰ উন্নতি হাঁহি ধেমালি অনুশীলনৰ মাধ্যমত কৰি উচিত, যিটোত ধৈৰ্য্যৰ  খুবেই প্ৰয়োজন। শিশুৰ বয়স অনুপাতে এয়া যথাযথ হয় ।

প্রথম শ্ৰেণীৰ শিশুসলৰ বাবে নিশ্চিত কৰক যে  প্রশ্নসমূহ যেন সহজ হয় । ইয়াত ৩ বছৰৰ পৰা ৬ বছৰ বয়সৰ শিশুসকলৰ  বাবে ১০টি প্রাথমিক সাধাৰণ জ্ঞান ( কুইজ ) ৰ  প্রশ্ন দাঙি ধৰিছো।


১) কোন ৰঙ “G” (জি) আখৰ দি আৰম্ভ হয় ?
উত্তৰঃ Green (গ্রিন) ।
২) ৫-পিছত কিমান নম্বৰ হয়?
উত্তৰঃ ৬ ।
৩) কোন উ‌‌ৎসৱতৰ সময়ত চ্যান্টা ফুৰিব আহে?
উত্তৰঃ বৰদিন (ক্রিসমাস ) ।
৪) তোমাৰ এটা হাতত কিমানটা  আঙুলি আছে?
উত্তৰঃ ৫টা আঙুলি।
৫) তুমি কি খোৱা, যিটো গৰুৰ পৰা উৎপাদন হয়?
উত্তৰঃ গাখীৰ ।
৬) তোমাৰ টোপনিৰ সময় কোনটো?
উত্তৰঃ ৰাতিৰ সময় ।
৭) তোমাৰ শৰীৰৰ কোন অংগ তুমি দেখা?
উত্তৰঃ চকু ।
৮) ৰামধেনুৰ ৰং কেইটা?
উত্তৰঃ ৭ টা ।
৯) তুমি  “C” আখৰ দি  আৰম্ভ হোৱা এটা শব্দ কোৱা ?
উত্তৰঃ Car (কাৰ।
১০) আপেলেৰ ৰঙ কি?
উত্তৰঃ ৰঙা ।


দ্বিতীয় ও তৃতীয় শ্রেণীৰ শিশুৰ  বাবে সাধাৰণ জ্ঞান ( কুইজ ) প্রশ্নোত্তৰ
(বয়স- ৪ ৰ পৰা ৮ বছৰ)


দ্বিতীয় ও তৃতীয় শ্রেণীৰ  শিশুকল আৰু অধিক নিজৰ মনৰ কথা প্রকাশ কৰিব ইচ্ছুক হয়, সেয়ে সিহতক সেই সমূহ প্রশ্ন শুধিব পাৰে, যি সমূহত দীর্ঘ বাক্যৰ উত্তৰ আছে ।

ইয়াত ৪ ৰ পৰা ৮ বছৰ বয়সৰ শিশুসকলৰ বাবে কিছু  সাধাৰণ জ্ঞান ( কুইজ )  প্রশ্ন উদ্ধাপন কৰা হৈছে । উত্তৰ  দিয়াৰ সময়ত যেন বাক্যসমূহ  সঠিক উচ্চাৰণ কৰে  সেইটো নিশ্চিত কৰক, কাৰণ এইটো সিহঁতৰ  কথোপকথনক উন্নত উন্নত কৰিব ।

১)স্ট্যাচু অফ লিবার্টি কত অবস্থিত?
উত্তৰঃ স্ট্যাচু অফ লিবার্টি নিউ ইৱর্কত অবস্থিত ।
২) সৌৰজগতৰ প্রথম তিনি গ্ৰহৰ নাম কোৱা?
উত্তৰঃ সৌৰজগতৰ প্রথম তিনটা গ্রহ হল বুধ, শুক্র আৰু পৃথিবী ।
৩) ৫ৰ লগত  ৫ গুণ কৰিলে কিমান হয়?
উত্তরঃ ৫-লগত ৫ গুণ কৰিলে  হল ২৫ ।
৪)এটি মাংসভোজী প্ৰাণীৰ কোৱা?
উত্তৰঃ বাঘ ।
৫) সিওল কোন দেশৰ ৰাজধানী?
উত্তৰঃ সিওল হল দক্ষিণ কোৰিয়াৰ ৰাজধানী ।
৬)আফ্রিকা মহাদেশৰ তিনিটা দেশৰ  নাম কোৱা?
উত্তৰঃ সেনেগাল, ঘানা আৰু নাইজেৰিয়া হল আফ্রিকা মহাদেশত অবস্থিত তিনিটা দেশ ।
৭) কোন দেশত গীজা পিৰিমিড অৱস্থিত?
উত্তৰঃ গিজা পিৰামিড ইজিপ্টতত অবস্থিত ।
৮) কোনটো বনাঞ্চল পৃথিবীৰ সকলোতকৈ ঘন বনাঞ্চল বুলি কোৱা হয়?
উত্তৰঃ অ্যামাজন বনাঞ্চল হল পৃথিবীৰ সকলোতকৈ ঘন বনাঞ্চল ।
৯) জাপানৰ মানুহে কি ভাষাত কথা কয়?
উত্তৰঃ জাপানৰ মানুহে জাপানী ভাষাত কথা কয়।
১০) অ্যালবার্ট আইনস্টাইন কোন আছিল?
উত্তরঃ অ্যালবার্ট আইনস্টাইন এজন বিখ্যাত বিজ্ঞানী আছিল ।


চতুর্থ, পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ শিশুসকলৰ বাবে সাধাৰণ জ্ঞানৰ প্রশ্নোত্তৰ
(বয়স- ৯ ৰ পৰা ১২ বছৰ)


৯ ৰ পৰা ১২ বছৰ বয়সৰ শিশুয়ে সাধাৰণ জ্ঞানৰ সহজ প্রশ্নত আগ্রহ হেৰাই পেলাই । সিহঁতৰ আগ্রহ অটুত ৰাখিবলৈ কুইজক আৰু প্রতিযোগিতামূলক, মনোৰঞ্জনক ও চ্যালেঞ্জিং কৰি তুলক ।

আপুনি জানে যে, এই বয়সত  আপোনাৰ শিশুয়ে চ্যালেঞ্জ গ্ৰহণ কৰিব ভাল পায় । ইয়াত ১৫ টা প্রশ্ন আছে, যি সমূহ  আপুনি আপোনাৰ শিশুক শুধিব পাৰে।

লগতে পঢ়ক : বিভিন্ন ক্ষেত্ৰত ভাৰতৰ প্ৰথম

১) ভাৰতৰ প্রথম প্রধানমন্ত্রীজনৰ নাম কি?
উত্তৰঃ  জৱাহলাল নেহেৰু , ভাৰতৰ প্রথম প্রধানমন্ত্রী ।
২) ভাৰতত কেইটা ক্রিকেট বিশ্বকাপ আছে?
উত্তৰঃ ভাৰতত দুটি ক্রিকেট বিশ্বকাপ আছে ।
৩) এনেকুৱা তিনটা পাচলিৰ নাম কোৱা, যি সমূহ সম্পূৰ্ণ মূল?
উত্তৰঃ বীট, গাজৰ ও মূলা হল তিনটা মূল পাচলি ।
৪) কোন ৰঙ শান্তিৰ প্রতীক?
উত্তৰঃ বগা ৰঙ হল শান্তিৰ প্রতীক ।
৫) ‘ৰোমিও ও জুলিয়েট’ কোনে লিখিছিলে?
উত্তৰঃ উইলিয়াম সেক্সপিয়েৰ ‘ৰোমিও ও জুলিয়েট’ লিখিছিল।
৬) দার্জিলিং অঞ্চল কি শস্য উৎপাদনত পৰিচিত?
উত্তৰঃ দার্জিলিং অঞ্চল চাহ পাত উৎপাদনত পৰিচিত।
৭) কোন দ্বীপপুঞ্জ ভাৰতৰ এটি অংশ?
উত্তৰঃ আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ ভাৰতৰ অংশ ।
৮) জর্জ ওৱাশ্বিংটন কোন আছিল?
উত্তৰঃ জর্জ ওৱাশ্বিংটন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রথম ৰাষ্ট্ৰপতি ( প্ৰেছিডেন্ট) ।
৯) দাসত্বৰ পৰা মুক্তিৰ ঘোষণাৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন ৰাষ্ট্ৰপতি দায়ী?
উত্তৰঃ আব্রাহাম লিঙ্কন, দাসত্বৰ পৰা মুক্তিৰ ঘোষণাৰ বাবে দায়ী ।
১০) চকোলেটেৰ বাবে কোন আফ্রিকান দেশ বিখ্যাত?
উত্তৰঃ ঘানা ,চকোলেটেৰ বাবে বিশ্ববিখ্যাত ।
১১) ৰজা আর্থাৰ  তলোৱাৰক  কি কোৱা হয়?
উত্তৰঃ ৰজা আর্থাৰৰ তলোৱাৰক এক্সাকালিবৰ বুলি কোৱা হয় ।
১২) মাইক্রোসফ্টৰ প্রতিষ্ঠাতা কোন?
উত্তৰঃ মাইক্রোসফ্টৰ  প্রতিষ্ঠাতা হল বিল গেটছ।
১৩) ছোনি কোন দেশৰ পৰা আহিছে?
উত্তৰঃ ছোনি আহিছে জাপানৰ পৰা ।
১৪) সূৰ্য কোন দিশত উদয় হয়?
উত্তৰঃ সূৰ্য পূব দিশত উদয় হয় ।
১৫) মার্গাৰেট থ্যাচাৰ কোন আছিল?
উত্তৰঃ মার্গাৰেট থ্যাচাৰ আমেৰিকা যুক্তৰাষ্ট্রৰ এজন প্রাক্তন প্রধানমন্ত্রী আছিল ।

এইসমূয়েইআপোনাৰ শিশুসকলৰ বাবে  কিছু আকর্ষণীয় ও প্ৰতিযোগিতামূলক প্রশ্নোত্তৰৰ কুইজ আছিল । যি কি নহওঁক, মনত ৰাখিব আপোনাৰ সন্তানৰ যদি  মনত নাথাকে, তেতিয়া সিহঁতৰ প্রশ্নৰ উত্তৰ দিবলৈ বাধ্য নকৰিব আৰু ভুল উত্তৰ দিয়াত  শাস্তি প্ৰদান নকৰিব। কুইজক কৌতুক, হাহিঁ ধেমালি ও বিনোদনৰ   বাবে তৈৰি কৰক । আপোনাৰ শিশুৰ যৌক্তিকতা বৃদ্ধিৰ বাবে, তাৰ সাধাৰণ জ্ঞানৰ বিকাশ কৰা  গুৰুত্বপূর্ণ । তাৰ অন্যান্য বুদ্ধিমত্তাৰ ক্ষেত্রত উন্নতি হেতুকে, আপুনি তাক বৰ্তমান সময়ৰ বিভিন্ন সাধাৰণ জ্ঞান দিব পাৰে, যি তাক মানসিকভাবে সবল আৰু কার্যকৰী কৰি তুলিব।

------------------------------------------------------------------------------

Quiz in Assamese Language,

Assamese Quiz 2020,

Quiz for Kids with Answers,

Quiz For Class 1,2,3,4,5,6

অসমীয়া সাধাৰণ জ্ঞান,

অসমীয়া কুইজ