Hs 1st Year Political Science Question Answer in Assamese{ভাৰতীয় সংবিধান}

HS 1st Year Political Science Question Answer in Assamese



 ভাৰতীয় সংবিধান

 মূল্যাংকঃ50

★প্রথম অধ্যায়★


সংবিধান ও সংবিধানৰ প্ৰস্তুতকৰণ


এই অধ্যায়ৰ পৰা ছাত্র-ছাত্রীয়ে জানিবলৈ সক্ষম হ’ব-


সংবিধান কাক কয়।
ভাৰতীয় সংবিধানৰ প্ৰস্তুতকৰণ
ভাৰতীয় সংবিধান বৈশিষ্ট্যসমূহ


HS 1st Year Political Science Question Answer in Assamese


এই অধ্যায়ৰ পৰা যােৱা ৮টা বছৰত পৰীক্ষাত অহা সকলাে সৰু-ডাঙৰ প্ৰশ্নসমূহ তলত উল্লেখ কৰা হ'ল-

(1) ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সভাপতি কোন আছিল?• (2012), (2016), (1 নম্বৰ, 2018)
(2) ভাৰতীয় সংবিধানৰ এটা উৎস উল্লেখ কৰা। (1 নম্বৰ, 2018)
(3) ভাৰতীয় সংবিধানৰ সভাৰ সভাপতি কোন আছিল? (1 নম্বৰ, 2019)
(4) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা আদর্শ উল্লেখ কৰা। (1 নম্বৰ, 2017)
(5) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদক ৰাজ্যসমূহৰ সংঘ’ বুলি কোৱা হয়?(1 নম্বৰ, 2016)
(6) ভাৰতৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? (1 নম্বৰ, 2015)
(7) ভাৰতীয় সংবিধান গতিশীল। (শুদ্ধ নে অশুদ্ধ) (1 নম্বৰ, 2015)
(8) সংবিধান বুলিলে কি বুজা?
(1 নম্বৰ, 2014)
(9) সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত এটা ন্যায়ৰ নাম লিখা।(1 নম্বৰ, 2013)
(10) সংবিধানৰ এটা কার্য কি?
(1 নম্বৰ, 2012)
(ii) ভাৰতীয় সংবিধানখন কোনে তৈয়াৰ কৰিছিল? (2 নম্বৰ, 2012)
(12) ভাৰতীয় সংবিধানৰ দুটা প্রধান উৎস লিখা।। (2 নম্বৰ, 2011)
(13) প্ৰস্তাৱনা কি?
(14) ইংলেণ্ড আৰু আমেৰিকাৰ পৰা ভাৰতীয় সংবিধানে কি কি গ্রহণ কৰিছে ?(2 নম্বৰ, 2011),(2 নম্বৰ, 2012)
(15) ভাৰতীয় সংবিধানত কেইটা অধ্যায়, অনুচ্ছেদ আৰু অনুসূচী আছে।
(2 নম্বৰ, 2012)
(2 নম্বৰ, 2013)
(2 নম্বৰ, 2014)
(2 নম্বৰ, 2016)
(2 নম্বৰ, 2017)
(16) সংবিধান সভৰ দুজন সদস্যৰ নাম লিখা।
(17) সংবিধানৰ দুটা বৈশিষ্ট্য লিখা।।
(18) ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা লিখা।
(19) সংবিধানৰ দুটা কার্য লিখা।
(20) জৱাহৰলাল নেহৰুৰ উদ্দেশ্য প্রস্তাৱৰ দুটা মূল দিশ উল্লেখ ।(2 নম্বৰ, 2018)
(21) সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত এটা টোকা লিখা। (4 নম্বৰ, 2011)
(22) ভাৰতীয় সংবিধানৰ এটা উৎসৰ নাম লিখা। (4 নম্বৰ, 2013)
(23) ভাৰতীয় সংবিধানৰ যিকোনাে 4টা বৈশিষ্ট্য লিখা। (4 নম্বৰ, 2012)


* 1 নম্বৰৰ আৰ্হি প্ৰশ্নৰ উত্তৰ *



(1) ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষৰ নাম কি আছিল?(1 নম্বৰ, 2011, 2016, 2018)
উত্তৰ ড° বি. আৰ. আম্বেদকাৰ।
(2) ভাৰতীয় সংবিধানৰ এটা উৎস উল্লেখ কৰা। (1 নম্বৰ, 2018)
উত্তৰ ভাৰতীয় স্বাধীনতা আন্দোলন আৰু সেই সময়ত ৰচনা কৰা আইনসমূহ।
(3) ভাৰতীয় সংবিধানৰ সভাৰ সভাপতি কোন আছিল?
(1 নম্বৰ, 2011
উত্তৰ ড° ৰাজেন্দ্র প্রসাদ।
(4) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা এটা আদর্শ উল্লেখ কৰা। (1 নম্বৰ, 2017)
উত্তৰঃ সমাজবাদী সমাজ আৰু সামাজিক ন্যায় প্রতিষ্ঠা কৰা।
(5) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ্দক ৰাজ্যসমূহৰ সংঘ' বুলি কোৱা হয়?(  1 নম্বৰ, 2016)
উত্তৰ 1 নং অনুচ্ছেদত।
(6) ভাৰতৰ দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? (1 নম্বৰ, 2015)
উত্তৰঃ নাই।।
(7) ভাৰতীয় সংবিধান গতিশীল। (শুদ্ধ নে অশুদ্ধ) : (1 নম্বৰ, 2015)
উত্তৰঃ শুদ্ধ।
(8) সংবিধান বুলিলে কি বুজা?
(1 নম্বৰ, 2014)
উত্তৰ : সংবিধান হ’ল কিছুমান নীতি নিয়মৰ সমষ্টি, যাৰ দ্বাৰা কোনাে এখন দেশৰ শাসন ব্যৱস্থা পৰিচালনা কৰা হয়।
(9) সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত এটা ন্যায়ৰ নাম লিখা।(1 নম্বৰ, 2013)
উত্তৰ সামাজিক ন্যায়।
(10) সংবিধানৰ এটা কার্য লিখা।
(1 নম্বৰ, 2012)
উত্তৰ দেশৰ শাসন কার্য চলােৱাত সহায় কৰা।
(11) কেবিনেট মিছন কেতিয়া গঠন কৰা হয় ?
উত্তৰ : 1946 চনৰ, 19 ফেব্ৰুৱাৰী।।
(12) ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্য কিমান আছিল?
উত্তৰ : 389 জন।
(13) ভাৰতীয় সংবিধানৰ__টা অনুচ্ছেদ আছে।
উত্তৰ : 395 টা।।
(14) খচৰা সমিতিৰ এজন সদস্যৰ নাম লিখা।
উত্তৰ : K.M. Munshi.
(15) খচৰা সমিতিৰ মুঠ সদস্য কেইজন আছিল?
উত্তৰঃ7 জন।।
(16) ভাৰতীয় সংবিধানৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰ : দীর্ঘতম লিখিত সংবিধান।
17) ভাৰতীয় সংবিধাখন কোনে ৰচনা কৰিছিল? (1 নম্বৰ, 2012)।
উত্তৰঃ সংবিধান সভাই।
(18) ভাৰতীয় সংবিধানখন কেতিয়া গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ1949 চনৰ 26 নবেম্বৰত।
(19) ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হয় ?
উত্তৰ : 1950 চনৰ, 26 জানুৱাৰীত।
(20) ভাৰতীয় সংবিধানখন দেশৰ সর্বোচ্চ আইন হয়নে?
উত্তৰঃ হয়।


* 2 নম্বৰৰ আহি প্ৰশ্নৰ উত্তৰ *


(1) ভাৰতীয় সংবিধানৰ দুটা প্রধান উৎস লিখা। (2 নম্বৰ, 201)
উত্তৰ : (i) বৃটিছ শাসনৰ সময়ত ৰচিত ভাৰতীয় আইনসমুহ।
(ii) সংবিধান সভাৰ বিতৰ্কসমূহ।
(2) প্ৰস্তাৱনা কি? (2 নম্বৰ, 2011)
উত্তৰঃপ্ৰস্তাৱনা হ’ল- কোনাে এখন দেশৰ বা সংবিধানৰ কিছুমান আদর্শ, লক্ষ্য আৰু উদ্দেশ্যৰ ঘােষণাপত্র, যাৰ জৰিয়তে দেশৰ লক্ষ্য-উদ্দেশ্যসমূহ প্রকাশ পায়।
(3) ইংলেণ্ড আৰু আমেৰিকাৰ পৰা ভাৰতীয় সংবিধানে কি কি গ্রহণ কৰিছে? (2 নম্বৰ, 2012)
উত্তৰ : আমেৰিকাৰ পৰা-- মৌলিক অধিকাৰ, স্বাধীন ন্যায়পালিকা আৰু ন্যায়িক সমীক্ষা।
ইংলেণ্ডৰ পৰা সংসদীয় পদ্ধতিৰ চৰকাৰ, আইনৰ শাসন, আইন প্রণয়ন পদ্ধতি ইত্যাদি।
(4) ভাৰতীয় সংবিধানত কেইটা অধ্যায়, অনুচ্ছেদ আৰু অনুসূচী আছে?(2 নম্বৰ, 2012).
উত্তৰঃ 22টা অধ্যায়, 395টা অনুচ্ছেদ আৰু 12টা অনুসূচী।
(5) সংবিধান সভাৰ দুজন সদস্যৰ নাম লিখা। (2 নম্বৰ, 2013)
উত্তৰ: (i) K.M, Munshi
(ii) Sardar Vallabhbhat Patel.
(6) সংবিধানৰ দুটা বৈশিষ্ট্য লিখা।(2 নম্বৰ, 2014)
উত্তৰ : (i) দীর্ঘতম লিখিত সংবিধান।
(ii) আংশিকভাৱে নমনীয় আৰু অনমনীয় সংবিধান।
(7) ভাৰতীয় সংবিধানৰ দুটা সীমাবদ্ধতা উল্লেখ কৰা। (2 নম্বৰ, 2016)
উত্তৰ : (i)ভাৰতীয় সংবিধানত কেন্দ্রক অধিক প্রাধান্যতা দিয়া হৈছে, যাৰ ফলত কেন্দ্র স্বেচ্ছাচাৰী হৈ উঠিব পাৰে।
(ii) ভাৰতীয় সংবিধানে নাগৰিকক মৌলিক অধিকাৰ প্ৰধান কৰিছে যদিও এই অধিকাৰ প্রয়ােজন সময়ত বাতিল কৰিব পাৰি।
(৪) সংবিধানৰ দুটা কার্য লিখা।(2 নম্বৰ, 2017)
উত্তৰঃ (i) দেশৰ শাসন কার্য পৰিচালনা কৰাত সহায় কৰা।
(i) চৰকাৰৰ বিভিন্ন বিভাগসমূহৰ মাজত ক্ষমতা পৃথক কৰি, চৰকাৰী স্বেচ্ছাচাৰীহােৱাত বাধা দিয়া।
(9) জৱাহৰলাল নেহৰুৰ উদ্দেশ্য প্রস্তাৱৰ দুটা মূল দিশ উল্লেখ কৰা। (2 নম্বৰ, 2018)
উত্তৰ : (i) ভাৰতবৰ্ষৰ এখন সার্বভৌম, গণৰাজ্য হিচাপে প্রতিষ্ঠা কৰা।
(ii) সংখ্যালঘু আৰু অনুন্নত সম্প্রদায়সমূহৰ বাবে প্রয়ােজনীয় ব্যৱস্থা গ্রহণ।
(10) ভাৰতৰ সংবিধান প্রণেতাসকল প্রভাবিত হােৱা দুখন দেশৰ নাম লিখা।
উত্তৰ : গ্রেট বৃটেইন আৰু আমেৰিকা।
(ii) ভাৰতীয় সংবিধান সভাৰ দুখন কমিটি কি কি?
উত্তৰ : (i) খচৰা সমিতি।
(ii) প্রাদেশিক সংবিধান সমিতি।
(12) ভাৰতীয় সংবিধান সভাৰ অস্থায়ী আৰু স্থায়ী সভাপতি কোন আছিল?
উত্তৰঃ ছছিদানন্দ সিনহা অস্থায়ী আৰু ড° ৰাজেন্দ্র প্রসাদ স্থায়ী সভাপতি আছিল।

★ 4 নম্বৰৰ আৰ্হি প্ৰশ্নৰ উত্তৰ ★


(1) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ওপৰত এটা টোকা লিখা। (4 নম্বৰ, 2014)
উত্তৰঃ প্ৰস্তাৱনাৰ ওপৰত এটা আলােচনা আগবঢ়োৱা হ'ল ।
(i) প্রস্তাৱনা হ’ল কোনাে এখন দেশৰ সংবিধানৰ দৰ্শন স্বৰূপ। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাও হ'ল সংবিধানৰ লক্ষ্য-আদৰ্শৰ দৰ্শনস্বৰূপ।
(ii) ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষৰ ঐক্য, একতা, অখণ্ডতা আৰুভা তৃত্ববােধৰ কথা উল্লেখ কৰা হৈছে।
(iii) প্ৰস্তাৱনাৰ জৰিয়তে ভাৰতবৰ্ষক এখন সার্বভৌম, সমাজবাদী ধর্মনিৰপেক্ষগ গণতান্ত্ৰিক গণৰাজ্য প্রতিষ্ঠাৰ কথা প্রকাশ পাইছে।
(iv) এক সংবিধাৰ অংশ নহয়, যদিও ই সংবিধানৰ আত।
(2) ভাৰতীয় সংবিধানৰ এটা উৎস লিখা।।(4 নম্বৰ, 2013)
উত্তৰঃ (i) ভাৰত শাসন আই, অর্থাৎ বৃটিছসকলে ৰচনা ৰা ভাৰত শাসন আইন
যেনে: 1909, 1919, 1935 আদিয়ে ভাৰতৰ সংবিধান ৰচনাত যাহত সহায় কৰিছে।
(ii) সংবিধান সভাৰ আলােচনা আৰু বিতৰ্কসমূহে ভাৰতীয় সংবিধানৰ এটা
উল্লেখযােগ্য উৎস।
(iii) অন্যান্য সংবিধানসমূহে যেনে-বৃটেই, আমেৰিকা,কানাডা, আয়াৰলেণ্ড ইত্যাদি সংবিধানেও ভাৰতীয় সংবিধানৰ বিকাশত সহায় কৰিছে।
(iv) স্বাধীনতা আন্দোলনৰ সময়ত পালন ৰা নীতি, আদর্শ আদিয়েও ভাৰতীয় সংবিধানৰ উৎস হিচাবে সহায় কৰিছে।
(3) ভাৰতীয় সংবিধানৰ যিকোনাে এটা বৈশিষ্ট্য লিখা। (4 নম্বৰ, 2012)
উত্তৰ: ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহ হ'ল-
(i) লিখিত সংবিধানঃ ভাৰতীয় সংবিধানখন এখন নির্দিষ্ট সংবিধান সভাই এক নির্দিষ্ট সময়ত লিখি উলিয়াইছিল।
(ii) দীর্ঘতম সংবিধান : ভাৰতৰ সংবিধানখন পৃথিৱীৰ ভিতৰতে দীঘল সংবিধান। ইয়াত 395টা অনুচ্ছেদ, 12 অনুসূচী, 22 অধ্যায় আছে।
(iii) গণতান্ত্রিক সংবিধান : ভাৰতীয় সংবিধানখন এখন গণতান্ত্রিক সংবিধান।ই ভাৰতত গণতন্ত্র প্রচলন কৰিছে।
(iv) মৌলিক অধিকাৰঃ ভাৰতীয় সংবিধানত নাগৰিকসকলৰ বাবে কিছুমান।মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে।
(4) সংবিধানৰ কিয় প্রয়ােজন?
উত্তৰঃ সংবিধান এখনৰ যথেষ্ট প্রয়ােজনীয়তা আছে। তলত এই বিষয়ে উল্লেখ কৰা হ'ল
(i) সংবিধানে দেশ এখন শৃংখলাবদ্ধভাৱে পৰিচালিত কৰাত সহায় কৰে।
(ii) সমাজৰ আশা-আকাংক্ষা আৰু লক্ষ্যসমূহ পূৰণ কৰাত সহায় হােৱাৰ বাবে সংবিধান প্রয়ােজন।
(iii) চৰকাৰ যাতে ক্ষমতাশালী হৈ স্বেচ্ছাচাৰী হ'ব নােৱাৰে, তাৰ বাবে সেই ক্ষমতাৰ ওপৰত সীমাবদ্ধতা আনিবলৈ সংবিধানৰ প্রয়ােজন।
(iv) দেশৰ জনসাধাৰণৰ অধিকাৰসমূহ ৰক্ষা কৰিবলৈও সংবিধানৰ প্রয়ােজন।


★ 6 নম্বৰৰ আৰ্হি প্ৰশ্নৰ উত্তৰ ★

(1) ভাৰতীয় সংবিধানৰ উৎসসমূহ বর্ণনা কৰা।
উত্তৰঃ (i) ভাৰত শাসন আইনসমূহ অর্থাৎ বৃটিছসকলে
সময়ে সময়ে ৰচনা কৰা ভাৰত শাসন আইনসমূহ
যেনে- 1909, 1919, 1935 চনৰ আইনে ভাৰতীয় সংবিধান ৰচনাত যথেষ্ট সহায় কৰিছে।
(ii) সংবিধানখন ৰচনাৰ সময়ত সংবিধান সভাত কৰা আলােচনা আৰু বিতৰ্কসমূহে হ'ল ভাৰতীয় সংবিধানৰ আন এটা উৎস।।
(iii) ভাৰতীয় সংবিধান ৰচনাত বিভিন্ন দেশৰ সংবিধানেও এক গুৰুত্বপূৰ্ণ উৎস হিচাবে কাম কৰিছে। যেনে- বৃটেইন, আমেৰিকা, কানাডা, আয়াৰলেণ্ড,ফ্রান্স আদি দেশৰ সংবিধান।
(iv) স্বাধীনতা আন্দোলনৰ সময়ত পালন কৰা নীতি, আদর্শসমূহেও ভাৰতীয় সংবিধানখন ৰচনা কৰাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিছে।
(v) ন্যায়িক সমীক্ষা ক্ষমতাৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে সংবিধান ৰক্ষাৰ বাবে বিভিন্ন সময়ত বিভিন্ন নিয়মৰ সৃষ্টি কৰি আহিছে আৰু এইবােৰেও সংবিধানত স্থান পাইছে।
(vi) সমালােচক মন্তব্য সমূহেও ভাৰতীয় সংবিধানৰ ৰচনা কৰাৰ ক্ষেত্ৰত সহায় কৰিছে।


Post a Comment

3 Comments