গেলিলিঅ’ গেলিলিৰ চমু জীৱনী । Galileo Galilei Short Biography in Assamese

গেলিলিঅ’ গেলিলিৰ চমু জীৱনী । Galileo Galilei Short Biography in Assamese.

Education: University Of Pisa (1581–1585)

Discovered: Ganymede, Europa, Callisto, Io, Rings Of Saturn.
Born: 15 February 1564, Pisa, Italy
Died: 8 January 1642, Arcetri, Italy

গেলিলিঅ’ গেলিলিৰ চমু জীৱনী । Galileo Galilei Short Biography in Assamese


Galileo Galilei Short Biography


গেলিলিঅ’ গেলিলিৰ জন্ম হয় ১৫৬৪ চনৰ ফেব্ৰুৱাৰী মাহত। তেওঁৰ জন্মস্থান হ'ল ইটালীৰ পিছা চহৰ।

আগৰ দিনৰ মানুহে বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়া নাছিল। তেওঁলােকে পূর্বৰ পণ্ডিতসকলে কৈ যােৱা কথাবােৰৰ ভিত্তিতে নির্ভৰ কৰি চলিছিল। তেওঁলােকে পূর্বৰ পণ্ডিতসকলৰ কথাবােৰ চিৰসত্য বুলি মানি চলিবলৈ চেষ্টা কৰিছিল। বিজ্ঞানৰ জৰিয়তে কোনাে কথা পুনৰ পৰীক্ষা-নিৰীক্ষা কৰিবৰ বাবে মনােনিৱেশ খুব কম সংখ্যকেহে কৰিছিল। কিন্তু গেলিলিঅ’ গেলিলি হ’ল ইয়াৰ ব্যতিক্রম। তেওঁ মানুহৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰি; বিজ্ঞানক ভুল পথেৰে পৰিচালিত নকৰি,তাৰ জৰিয়তে চিৰসত্যৰ বিজ্ঞান পদ্ধতিক অগ্রাধিকাৰ দিছিল।

সৰু কালত গেলিলিঅ'গেলিলি ভাবুক চৰিত্ৰৰ আছিল। তেওঁ খেলা-ধূলা নকৰি নাও, গাড়ী আদি ভিন্ন পুতলা সজা কামৰ প্ৰতিহে অধিক গুৰুত দিছিল।

সঠিক সময়ত তেওঁক বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হৈছিল। সােতৰ বছৰ বয়সত গেলিলিঅ'ই পিছা বিশ্ববিদ্যালয়ত পঢ়িবলৈ লয়। তাত তেওঁ চিকিৎসা বিজ্ঞান বিষয়টো পঢ়িছিল। তেওঁৰ অনিচ্ছা সত্বেও দেউতাকৰ ইচ্ছাৰ প্রতি সঁহাৰি দি চিকিৎসা বিদ্যাৰ অধ্যয়ন কৰিবলগীয়া হৈছিল। পিছৰ জীৱনৰ সময়ছােৱাত তেওঁ চিকিৎসক নহ'লগৈ। কিন্তু ইয়াৰ ফলত তেওঁ কিছু আর্থিক সকাহ পাইছিল।

   পিছা বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে এদিন তেওঁ প্রার্থনা কৰিবলৈ যাওঁতে গির্জাৰ ছিলিঙত ওলমি থকা চাকি এটা বতাহত দুলি থকা দেখিলে।তেওঁ লক্ষ্য কৰিলে যে চাকিটোৱে গতিৰ বিশেষ নিয়ম পালন কৰিছে। চাকিটোৱে সম্পূর্ণ দোলনৰ বাবে এক সমান সময় লৈছে। ইয়াত কম-বেছিৰ কথা নাই। সেই সময়ত পৃথিৱীত ঘড়ীৰ আৱিষ্কাৰ হােৱা নাছিল। সেয়েহে তেওঁ হাতৰ ধ্বনিৰ কঁপনিৰ জৰিয়তে সময়ৰ গণনা কৰিলে। সাধাৰণতে, ইয়াৰ ফলতে বর্তমান সময়ত দোলক ঘড়ীৰ সূত্রপাত হয়। এই ঘটনাটো সাক্ষ্য হােৱাৰ কিছুদিন পিছত তেওঁ গণিতৰ শিক্ষক এগৰাকীয়ে পদার্থ বিজ্ঞানৰ ক্ষেত্ৰত এক মনােমােহা বক্তৃতা দিয়া শুনিলে। এই কথাটো তেওঁৰ মনত গভীৰভাৱে প্রবেশ কৰিলে। ইয়াৰ কাৰণতে তেওঁ চিকিৎসা বিদ্যা ত্যাগ কৰি গণিত আৰু পদার্থ বিজ্ঞানৰ বিষয়ত মনপুতি অধ্যয়ন কৰাৰ বাবে মন কৰিলে। গণিতত উপাধি প্রাপ্তিৰ পিছত তেওঁ পিছা বিদ্যালয়ৰ গণিতৰ অধ্যাপক হিচাপে কার্য নির্বাহ কৰে। এই সময়ত তেওঁৰ পঁচিশ বছৰহে বয়স আছিল। ডেকা বয়সৰ অধ্যাপক পাই প্রথমতে সকলােৱে ভাল পালে। কিন্তু পিছৰ পৰ্য্যায়ত তেওঁৰ কাম কাজত সকলােৱে বেয়া পাবলৈ ধৰিলে।কাৰণ তেওঁ আন পণ্ডিত যেনে গ্রীক দার্শনিক এৰিষ্টটলে কোৱা সকলাে কথাই সাধাৰণ মানুহে বিনা কাৰণতে মানিবলৈ লৈছিল, কিন্তু এৰিষ্টটলে কোৱা দুটা বস্তু ওপৰৰ পৰা একেলগে এৰি দিলে পাতল বস্তুটোতকৈ গধুৰ বস্তুটো সােনকালে আহি মাটিত পৰেহি। গেলিলিঅ'ই ইয়াৰ তীব্ৰ বিৰােধিতা কৰিছিল। এই মতামত তেওঁ সত্য নহয় বুলি মত প্রকাশ কৰিছিল। গেলিলিঅ'ৰ মতে প্রকৃততে সকলাে বস্তুৱেই সমান বেগেৰে মাটিত পৰে, বতাহৰ প্ৰতিৰােধৰ বাবেহে আমি গধুৰ বস্তুটো সােনকালে মাটিত পৰা দেখা পাওঁ। গেলিলিঅ'ৰ এই মতামতক সকলােৱে মানি ল'বলৈ টান পালে। যাৰ বাবে তেওঁ এই কথাটোৰ ৰাজহুৱা প্রমাণ দিবলৈ মান্তি হ’ল। তাৰ বাবে তেওঁ পিছা চহৰত থকা হেলনীয়া।স্তম্ভটোৰ ওপৰলৈ উঠি গৈ তাৰ পৰা সমান আয়তনৰ, বেলেগ বেলেগ ওজনৰ দুটা গােলক তললৈ এৰি দিলে। গােল দুয়ােটাই একে সময়তে মাটিত আহি পৰেহি। কিন্তু এৰিষ্টটলৰ প্রভাৱ আৰু তেওঁক চকুমুদি সকলাে লােকে মানি চলা বাবে গেলিলিঅ'ই মতামত প্রমাণ কৰিলেও, তেওঁক মানি নল'লে। আনহাতে তেনেবােৰ কাৰণতে তেওঁক।চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে। পিছত তেওঁ ফ্ল’ৰেন্স চহৰলৈ গুচি গ'ল। তাতে তেওঁ বেছি দিন থাকিব নােৱাৰিলে। ১৬১২ চনত তেওঁ পাঁদুৱা চহৰৰ এখন বিশ্ববিদ্যালয়ত যােগ দিলে। সেই চহৰৰ মানুহবােৰ প্রাচীন পন্থী নাছিল বাবে তেওঁ তাৰ মানুহবোৰক ভাল পাবলৈ আৰম্ভ কৰিলে। তাত তেওঁ সােতৰ বছৰ কাল কটালে। পিছলৈ ফ্ল’ৰেন্স চহৰত জীৱন নির্বাহ কৰিলে।




বস্তুৰ গতি সম্পর্কে গেলিলিঅ'ই বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাই কিছুমান গুৰুত্বপূৰ্ণ সূত্র আৱিষ্কাৰ কৰিছিল। তাৰ বাবে তেওঁক গতি বিজ্ঞানৰ প্রতিষ্ঠাতা বুলি অভিহিত কৰা হয়।

তেওঁ ভেনিছ চহৰলৈ গৈ ছাছ লিপাচেঁ নামৰ মানুহজনে দূৰবীণ যন্ত্র সাজি উলিওৱাৰ কথা শুনি ১৬০৯ চনত তেৱো নিজে এক দুৰবীণ যন্ত্র তৈয়াৰ কৰি উলিয়ালে। পিছৰ পৰ্যায়ত তেওঁ কেইবাটাও দূৰবীণ যন্ত্র সাজি উলিয়াইছিল।তেওঁৰ শেষৰ দূৰবীণ যন্ত্ৰটো প্রথমটোতকৈ ত্রিশগুণ বেছি ক্ষমতাশালী আছিল।




অর্থ্যাৎ তেওঁৰ জ্যোতির্বিজ্ঞানতাে সমানে প্রতিভা আছিল। দূৰবীণৰ সহায়তে তেওঁ মহাকাশৰ বিভিন্ন ৰহস্য উদঘাটন কৰিছিল। তেওঁ বৃহস্পতি গ্রহৰ চাৰিটাকৈ উপগ্রহ আৱিষ্কাৰ কৰিছিল। এই উপগ্রহকেইটাৰ নামকৰণ তেওঁ ‘টস্কানি’ বুলি কোৱা এক অঞ্চলৰ অধিপতিক লৈ নামকৰণ কৰিছিল। ইয়াৰ বাবে অধিপতি গৰাকীয়ে তেওঁক ব্যক্তিগত ‘দার্শনিক গণিতজ্ঞ’ কৰি ৰাখিছিল। তাত কার্যনির্বাহ কৰি তেওঁ পিছা চহৰত পােৱা দৰমহাতকৈ সাতসত্তৰলৈ অধিক দৰমহা পাইছিল।দূৰবীণৰ জৰিয়তেই গেলিলিঅ'ই শনি গ্ৰহৰ চাৰিওপিনে থকা আঙঠিটো আৱিষ্কাৰ কৰিছিল। গ্রহ-তৰাৰ মাজৰ পার্থক্য বিচাৰি উলিয়ালে। হাতীপটিটো অসংখ্য তৰাৰ সমষ্টি বুলি প্রমাণ কৰিলে। সূর্যত কিছুমান ক’লা দাগ থকা বুলি প্রমাণ কৰিলে। চন্দ্ৰত পাহাৰ থকা বুলিও প্রমাণ কৰিলে। তেওঁ চন্দ্ৰত থকা পাহাৰৰ উচ্চতা গণনা কৰি উলিয়ালে। চন্দ্ৰৰ দৰে শুক্র গ্রহটোকো কলা কলাকৈ ডাঙৰ-সৰু বুলি তেওঁ প্রমাণ দাঙি ধৰিলে। এনেবােৰ কাৰ্যৰ বাবে গেলিলিঅ'ৰ নাম- যশস্যা গােটেই ইউৰােপত বিয়পি পৰিল। গেলিলিঅ'ৰ নতুন আৱিষ্কাৰ, নতুন চিন্তাধাৰা, স্পষ্ট মনােভাৱ আৰু ধুনীয়া ভাষণৰ বাবে মানুহৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছিল।গেলিলিঅ'ই বিজ্ঞান আৰু দৰ্শনৰ মুকলি চৰ্চাৰ বাবে ‘আশ্রিতৰ একাডেমি’ নামেৰে এক প্রতিষ্ঠান সৃষ্টি কৰিছিল। ইয়াত ইউৰােপৰ বিভিন্ন স্থানৰ পৰা মানুহ আহি তেওঁৰ লগত তেওঁলােকৰ নিজৰ চিন্তাবোেৰ মুকলিকৈ প্রকাশ কৰিছিল।




ক’পাৰনিকাছৰ সৌৰ জগতৰ তত্ত্বৰ ওপৰত গেলিলিঅ’ৰ বিশ্বাস জন্মিছিল তেতিয়াৰ খ্রীষ্টান যাজকসকলে এই কথাবােৰ ভাল পােৱা নাছিল। কিয়নাে প্রচলিত ধর্মীয় বিশ্বাসবােৰৰ ই বিৰােধী আছিল।

১৬১০-১৪ চনৰ ভিতৰত গেলিলিঅ'ই তিনিখন কিতাপ প্ৰকাশ কৰি উলিয়াইছিল। সেই তিনিখন হ’ল ---- বলবিজ্ঞানৰ বিষয়ে, ‘তৰাৰ বতৰা আৰু ‘সৌৰ কলংক’ৰ বিষয়ে। ইয়াৰে তিনি নম্বৰ কিতাপখনত তেওঁ ক’পাৰনিকাছৰ সৌৰ তত্ত্বৰ প্রতি মুকলি সমর্থন প্রকাশ কৰিছিল। ইয়াৰ বাবে তেওঁ পােপৰ বিচাৰালয়ত হাজিৰ হ'বলগীয়া হৈছিল। পােপৰ ক্ষমতাৰ ফলত এই কিতাপ অতি সােনকালে বন্ধৰ নির্দেশ দিয়া হৈছিল। আগলৈ এনেধৰণৰ কথা প্রকাশ কৰিলে তেওঁ কাৰাদণ্ড ভােগ কৰিব লাগিব বুলিও সতর্কবাণী শুনিবলগীয়া হৈছিল। কিন্তু ১৬৩০ চনত তেওঁ পােপৰ কথাৰ প্রতি আওকাণ কৰি বিশ্বৰ দুটা প্রধান পদ্ধতিৰ বিষয়ে’ বুলি এখন কিতাপ পুনৰ লিখি উলিয়ায়। এই কিতাপখন সাধাৰণ লােকসকলে বুজি পােৱাকৈ ইটালীয় ভাষাত আৰু কথােপকথন আকাৰে প্ৰকাশ কৰিছিল। এই কিতাপখনত ‘ছিযিনাছিঅ’ অর্থাৎ মূৰ্খ বুলি পােপক ব্যংগ আকাৰে প্ৰকাশ কৰা হৈছিল। কিন্তু ইয়াৰ বাবে পােপে গেলিলিঅ'ৰ কিতাপখন বন্ধ কৰি দিলে আৰু বিচাৰালয়ত হাজিৰ হ’বলগীয়া হ’ল। ১৬৩৩ চনত গেলিলিঅ'ৰ বিচাৰ হ’ল। বিচাৰ ছমাহ ধৰি চলিল আৰু দোষী কৰিলে তাৰ গির্জাই কোৱা কথাবােৰ মানি চলিম বুলি মতামত ব্যক্ত কৰিলে। বিচাৰৰ পৰা ওলাই অহাৰ সময়তাে তেওঁ কিন্তু পৃথিৱী সচাকৈয়ে দুৰ বুলি ক'বলৈ নাপাহৰিছিল বুলি প্রকাশ হয়।

 গির্জাৰ কথা অৱমাননা আৰু ইয়াৰ বিৰুদ্ধে মাত মতাৰ বাবে তেওঁক আজীৱন কাৰাদণ্ড বিহা হয়; কিন্তু অৱশেষত তেওঁৰ বৃদ্ধাৱস্থা আৰু সুখ্যাতিৰ বাবে ঘৰতে অন্তৰীণ কৰি ৰখাৰ ব্যৱস্থা কৰি দিছিল। আনহাতে মানুহৰ সৈতে কথা পতা আৰু গৱেষণাৰাে ব্যৱস্থা ৰখা হৈছিল। অন্তৰীণৰ সময়ছােৱাত তেওঁ দুবিধ নতুন বিজ্ঞানৰ বিষয়ে কথােপকথন’ নামেৰে কিতাপ প্রকাশ কৰে আৰু মনে মনে পাণ্ডুলিপিবােৰ হ’লেণ্ডলৈ পঠিয়াই দিছিল; কিন্তু কিতাপখনৰ প্রকাশহে দেখিবলৈ নাপালে। কাৰণ তেওঁ ইতিমধ্যে দৃষ্টিহীনতাত ভুগিছিল। অৱশেষত তেওঁ ১৬৪২ চনৰ ৮ জানুৱাৰীত আঠসত্তৰ বছৰ বয়সত মৃত্যুক আঁকোৱালি লয়।

Post a Comment

0 Comments