Hs 2nd Year Assamese Question Answer | Hs 2nd Year Question Answer Assamese সাহিত্য সৌৰভ

 Hs 2nd Year English Question Answer.Hs 2nd Year Advance Assamese Question Answer.Class 12 Assamese Book Question Answer.Hs 2nd Year Assamese Book Question Answer PDF.Hs 2nd Year Assamese Question Answer 2021.Hs 2nd Year Assamese Question Answer PDF Download.Hs 2nd Year Assamese Question Paper.Hs 2nd Year Assamese Question Paper 2021.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year English Question Answer.Hs 2nd Year Education Book PDF.Seba Class 11 English Question Paper.Hs 2nd Year Political Science Question Answer.Hs 2nd Year Education Question Paper 2021.Logic and Philosophy Class 12 Question Answer.Hs Question Paper 2021 Physics.2021 Hs Political Science Question Paper.2021 Hs Math Question Paper.H.s Question Paper 2021 PDF Download.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year Important Questions.Ahsec Solved Question Paper 2021.Hs English Paper 2021.Advance Assamese 1st Year Question Answer.Class 12 Assamese Question answer.hs 2nd Year English Question answer.hs 2nd Year Advance Assamese Question answer.hs 2nd Year Assamese Book Question Answer PDF.class 12 Assamese Book Question answer.hs 2nd year.question Paper 2021 arts.hs 2nd Year Political Science Question answer.class 12 Assamese Question Answer Seba

Class 12 Question Answer Assamese -Assam Higher Secondary Education Council - উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বাবে Higher Secondary 2nd Year Assamese Subjects Solution H.S. 2nd Year -Hs 2nd Year Assamese Question Answer

Hs 2nd Year English Question Answer.Hs 2nd Year Advance Assamese Question Answer.Class 12 Assamese Book Question Answer.Hs 2nd Year Assamese Book Question Answer PDF.Hs 2nd Year Assamese Question Answer 2021.Hs 2nd Year Assamese Question Answer PDF Download.Hs 2nd Year Assamese Question Paper.Hs 2nd Year Assamese Question Paper 2021.Hs 2nd Year Question Paper 2021 Arts.Hs 2nd Year Question Paper 2021 Arts.



Class 12 Assamese Question Answer

ভাৰতীয় আদৰ্শত বৈৰাগ্য

 দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 

সাহিত্য সৌৰভ



লেখক পৰিচিতিঃ
 লেখক তীৰ্থনাথ শৰ্মাৰ জন্ম ১৯১১ চনত আৰু মৃত্যু ১৯৮৬ চনত হৈছিল। অসমীয়া সাহিত্যৰ বিশিষ্ট সমালোচক সাহিত্যিক তীৰ্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ। ১৯৭১ চনৰ অসম সাহিত্য সভাৰ মাকুম  অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল।

          অসমীয়া সাহিত্যলৈ শৰ্মাই বিভিন্ন সম্ভাৰ আগবঢ়াই গৈছে। তেওঁৰ বিবিধ বিষয়ৰ আলোচনা গ্ৰন্থ হল— ‘মহাত্মাৰ বাণীগান্ধীৰ শিক্ষাসাৰপঞ্চপুষ্পআউনীআটী সত্ৰৰ বুৰঞ্জী আদি। শৰ্মাৰ দ্বাৰা সংকলিত গ্ৰন্থ হল— ‘সাহিত্য সংগ্ৰহচানেকী পাঠ আদি। কামসেন্দূৰ তেওঁৰ একমাত্ৰ কাব্যপুথি।  



আৰ্হি প্ৰশ্নঃ


(ক) অতি চমু প্ৰশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -১)


১। ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা?

উত্তৰঃ ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।

২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হল বেদ।



৩। কৰ্ম কৰা কৌশলক ভাগৱদ্ গীতাত কি যোগ বুলি কৈছে?

উত্তৰঃ কৰ্ম কৰা কৌশলক ভাগৱদগীতাত যোগ বা কৰ্মযোগ বুলি কৈছে।

৪। তীৰ্থনাথ শৰ্মাৰ কাব্যগ্ৰন্থৰ নাম কি?

উত্তৰঃ ‘কামসেন্দূৰ

৫। তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?

উত্তৰঃ তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ হল সত্য আৰু ধৰ্ম



(খ) চমু প্ৰশ্নঃঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -২ অথবা ৩)



১। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সংবিভাজ্য শব্দটিয়ে কি সূচাইছে?

উত্তৰঃ ‘ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত সংবিভাজ্য শব্দটিয়ে  সমানে বিতৰণ কৰি ভোগ কৰাৰ অৰ্থ সূচাইছে। অৰ্থাৎ ধন-সম্পত্তিক অৰ্জন কৰাটোৱেই মানুহৰ জীৱনৰ প্ৰধান লক্ষ্য হব নালাগে। স্ব-উপাৰ্জিত ধন-সম্পত্তি সমানেই বিতৰণ কৰি কেনেকৈ ভোগ কৰিব লাগে তাৰ উপদেশ দিয়া হৈছে।

২। শ্ৰদ্ধয়া দেয়ম্ অশ্ৰদ্ধয়া অদেয়ম মানে কি?

উত্তৰঃ শ্ৰদ্ধয়া দেয়ম্ অশ্ৰদ্ধয়া অদেয়ম মানে হল সদায় শ্ৰদ্ধাৰে দান কৰিব লাগে আৰু অশ্ৰদ্ধাযুক্ত মন লৈ কেতিয়াও দান কৰি নালাগে। নিজৰ সামৰ্থ অনুসৰি অন্তৰত শ্ৰদ্ধাৰ ভাৱ ৰাখি প্ৰেম ভাৱত গান কৰিব লাগে।



৩। প্ৰকৃত ত্যাগ মানে কি বুজা?

উত্তৰঃ প্ৰকৃততে ত্যাগ বা বৈৰাগ্য হল এক বিশেষ মনোধৰ্ম। কিন্তু নোহোৱাৰ নালাগে বোলা ত্যাগক প্ৰকৃত ত্যাগ বুলিব নোৱাৰি। নিষ্কৰ্মাৰ জিৰণি কথাটো যেনেকৈ অৰ্থহীন, নথকাৰ ত্যাগ আৰু লাগে-লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত পৰাজয় বৰণৰ তুল্য। থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাই হল প্ৰকৃত ত্যাগ।

৪। ঈষোপনিষদত ভূঞ্জীথাঃ মানে কি?

উত্তৰঃ ঈষোপনিষদৰ প্ৰথম মন্ত্ৰটিত  বিধিবাক্য আছে –ভূঞ্জীথাঃ, নিষেধ বাক্য হল মা গৃধঃ। ভূঞ্জীথাঃ মানে হল ভোগ কৰা কিন্তু সাৱধান, ত্যক্তেন –ত্যাগ কৰিহে ভোগ কৰা। মা গৃধঃ নিজে ত্যাগৰ ভাবত থাকি আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাই হল উপনিষদৰ বিধান।

৫। অতিথি দেবো ভৱ মানে কি?

উত্তৰঃ ‘অতিথি দেবো ভৱ মানে হল অতিথি হল দেৱতা সদৃশ।

     ভাৰতীয় আদৰ্শত ব্যক্তিৰ দায়িত্বৰ কথা সোঁৱৰাই দি কোৱা হৈছে যে মাতৃ দেবো ভৱপিতৃ দেবো ভৱআচাৰ্য দেবো ভৱঅতিথি দেবো ভৱ। সংসাৰত প্ৰৱেশ কৰিবলৈ ওলোৱা প্ৰতিজন যুৱকে বুজা উচিত যে তেওঁৰ পৰিয়ালৰ লগতে আচাৰ্য আৰু অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ প্ৰতিও তেওঁৰ দায়িত্ব আছে।



(গ) দীঘল প্ৰশ্নঃঃ ((প্ৰতিটো প্ৰশ্নৰ মূল্যাংক -৪ অথবা ৫)



১। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হল বেদ—কথাষাৰ বুজাই লিখা।

উত্তৰঃ প্ৰমিতযশা সাহিত্যিক পণ্ডিতপুৰুষ তীৰ্থনাথ শৰ্মাদেৱে ভাৰতীয় আদৰ্শত বৈৰাগ্য’ শীৰ্ষক প্ৰবন্ধটিত প্ৰকৃত আদৰ্শ আৰু ত্যাগৰ কথা কবলৈ যোৱাৰ প্ৰসংগত ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ যে বেদ সেই বিষয়ে প্ৰসংগক্ৰমে উল্লেখ কৰিছে। তলত এই সন্দৰ্ভত আলোকপাত কৰা হল—

          ভাৰতীয় সংস্কৃতিৰ মূল চালিকা শক্তিয়েই হল বেদ। বেদ শব্দটো সংস্কৃত বিদ’ ধাতুৰ পৰা আহিছে যাৰ অৰ্থ হল জ্ঞান। জ্ঞানেই মানুহৰ মানসিকতাৰ উত্তৰণ ঘটায়, কৰ্ম সংস্কৃতিৰ পিনে লৈ যায়। বেদ চাৰি প্ৰকাৰৰ—ঋকবেদ, যজুবেদ, সামবেদ আৰু অথৰ্ববেদ। এই বেদবোৰ অকল ধৰ্মশাস্ত্ৰই নহয়, এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নিৰ্দেশনা। ঋকবেদৰ মন্ত্ৰবিলাকে মানুহক সমৃদ্ধিময় জীৱনৰ প্ৰতি আকৰ্ষিত কৰে। বেদবোৰৰ আদৰ্শৰ ওপৰতে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈ উঠিছে। বেদসমূহত সন্নিবিষ্ট আছে মানুহে মানি চলিব লগা আধ্যাত্মিক নিৰ্দেশনাৰ পৰা আৰম্ভ কৰি পৰিয়াল পোহপাল কৰাৰ নীতি-নিয়ম আনকি ব্যাধি নিবাৰণৰ উপায়। আনহাতে বৈদিক যুগতেই গঢ় লৈ উঠিছিল ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস -এই চাৰি আশ্ৰমৰ। বিবিধ ভাৰতীয় দৰ্শনত হিন্দু মনিষীসকলৰ চিন্তা-ধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায় তাৰ মূল হৈছে বেদ। যুগ-যুগ ধৰি ভাৰতীয় ঋষি-মুনিসকলে এই বেদৰ আদৰ্শৰ ওপৰত জীৱন-যাপন কৰি ভাৰতীয় সংস্কৃতি গঢ় দিছে। সেয়ে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হল বেদ—কথাষাৰ নিত্যান্তই যুক্তিসংগত।

২। চাৰি আশ্ৰম মানে কি?

উত্তৰঃ অসমীয়া সাহিত্যৰ স্বনামধন্য প্ৰবন্ধকাৰ তীৰ্থনাথ শৰ্মাদেৱে তেখেতৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য শীৰ্ষক প্ৰবন্ধটিত বৈদিক যুগৰ আদৰ্শ আৰু বৈৰাগ্য সম্পৰ্কত কবলৈ যোৱাৰ প্ৰসংগত উপনিষদৰ যুগত ভাৰতীয় সমাজত প্ৰচলিত চাৰি আশ্ৰমৰ কথা উল্লেখ কৰিছে। তলত এই চাৰি আশ্ৰম সম্পৰ্কত আলোচনা আগবঢ়োৱা হল-

          বৈদিক যুগত ভাৰতীয় আদৰ্শত মানুহৰ জীৱনকালক চাৰিটা ভাগত ভাগ কৰা হৈছিল। জীৱনৰ এই ভাগ চাৰিটাকে চাৰি আশ্ৰম বা বনাশ্ৰম বোলে। ভাৰতীয় আদৰ্শত উল্লেখ কৰা অনুসৰি এই চাৰি আশ্ৰম হল--  ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। প্ৰতিটো আশ্ৰমৰ বিষয়ে তলত বিস্তাৰিত ভাৱে আলোকপাত কৰা হল—

ব্ৰহ্মচৰ্যঃ ব্ৰাহ্মণৰ নগুণ দিয়নীৰ পিছত বেদপাঠ আৰু ধৰ্মকৃত্য কৰি থকা অৱস্থা অৰ্থাৎ শিষ্যাৱস্থা। এই সময়ছোৱাত গুৰুগৃহত থাকি বিদ্যা শিক্ষা, জ্ঞান  লাভৰ সাধনা কৰা হয়।

গাৰ্হস্থ্যঃ গুৰুগৃহত শিক্ষা সাং কৰি গৃহস্থী ধৰ্মত প্ৰৱেশ কৰি সংসাৰ দায়িত্ব পালন কৰা সময়ছোৱাক গাৰ্হস্থ্য আশ্ৰম বোলা হয়।

বানপ্ৰস্থঃ সাংসাৰিক মায়ামোহ ত্যাগ কৰি আধ্যাত্মিক চিন্তা-চৰ্চাৰে জীৱন অতিবাহিত কৰা সময়খিনিক বানপ্ৰস্থ বোলে।

সন্ন্যাসঃ জীৱনৰ একেবাৰে শেষ সময়ছোৱাত সংসাৰৰ সকলো প্ৰকাৰৰ মায়ামোহ ত্যাগ কৰি একান্ত চিত্তে ধৰ্ম আচৰণ কৰি আত্মাৰ সদগতি কামনাৰে যি সময় অতিবাহিত কৰা হয়, তাকেই সন্ন্যাস বোলে।



৩। বৈৰাগ্য মানে কিভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে?

উত্তৰঃ বিশিষ্ট সাহিত্যিক, সমালোচক তথা স্বনামধন্য প্ৰবন্ধকাৰ তীৰ্থনাথ শৰ্মাদেৱৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য শীৰ্ষক প্ৰবন্ধটিত তেখেতে প্ৰকৃত বৈৰাগ্য কি নাইবা ভাৰতীয় আদৰ্শই কেনেধৰণৰ বৈৰাগ্যক আগস্থান দিয়ে সেই সম্পৰ্কত এটি সুন্দৰ আলোচনা উপস্থাপন কৰিছে। তলত এই সন্দৰ্ভত আলোচনা এটি যুগুত কৰা হল—

        বৈৰাগ্য শব্দৰ আভিধানিক অৰ্থ হল বিষয় বা ইন্দ্ৰিয়ভোগৰ প্ৰতি অনাসক্তি অৱস্থা, ইহ-সংসাৰৰ সুখ-সম্ভোগৰ কথা একাষৰীয়াকৈ থৈ ঈশ্বৰ সাধনাত ব্ৰতী হোৱা কাৰ্য। সংযতভাৱে জীৱন-যাপন কৰি প্ৰাপ্তিৰ পিছতো নিৰাসক্ত হৈ থকাটোৱেই হল বৈৰাগ্য।

        ভাৰতীয় আদৰ্শত বৈৰাগ্যক অতি স্থান উচ্চ দিয়া হৈছে। কিন্তু নোপোৱাৰ অসন্তোষত উপজা বৈৰাগ্যৰ কথা ভাৰতীয় আদৰ্শত কোৱা হোৱা নাই। লাগে-লাগেকৈ হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যও জীৱন-যুঁজত পৰাজয় বৰণৰ তুল্য। গতিকে পালেও নিৰাসক্ত হৈ থকাতহে প্ৰকৃত বৈৰাগ্য। অৰ্থাৎ পোৱাৰ বা থকাৰ পিছতো যেতিয়া বিষয়-ভোগৰ প্ৰতি মন আসক্ত নহয় তেতিয়াহে প্ৰকৃত বৈৰাগ্য লাভ কৰা যায়। ভাৰতীয় আদৰ্শত এনে বৈৰাগ্যক উচ্চ আসন দিয়া হৈছে বাবেই গৃহস্থী জীৱনৰ কৰ্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বানপ্ৰস্থ্ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।

৪। গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?

উত্তৰঃ বিশিষ্ট সাহিত্যিক, সমালোচক তথা স্বনামধন্য প্ৰবন্ধকাৰ তীৰ্থনাথ শৰ্মাদেৱে তেখেতৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য শীৰ্ষক প্ৰবন্ধটিৰ জৰিয়তে প্ৰকৃত বৈৰাগ্যৰ কথা কবলৈ যোৱাৰ প্ৰসংগত উপনিষদৰ যুগত অধ্যয়ন সমাপ্ত কৰা বিদ্যাৰ্থীক গুৰুৱে দিয়া উপদেশসমূহৰ কথা উল্লেখ কৰিছে। ইয়াৰ বিষয়ে তলত বিস্তাৰিত আলোকপাত কৰ হল-

        উপনিষদৰ যুগত শিক্ষা সাং কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যাৰ্থীক গুৰুৱে এনেদৰে উপদেশ দিছিল যে- সদায় সত্য কথা কবা আৰু ধৰ্ম আচৰণ কৰিবা। দৈনন্দিন অধ্যয়নৰ পৰা বিচ্যুত নহবা। আচাৰ্যক অভীষ্ট দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰাখিবা। সত্যৰ পৰা কেতিয়াও বিচ্যুত নহবা। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা কেতিয়াও আঁতৰি নাথাকিবা। ধন-সম্পত্তি সংগ্ৰহ ৰূপ মংগলজনক কাৰ্য কৰিবা কিন্তু ধৰ্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ থাকিবা। দেৱকাৰ্য আৰু পিতৃকাৰ্য বিষয়ত কেতিয়াও প্ৰমাদগ্ৰস্ত নহবা। মাতৃক দেৱতাৰ দৰে মানিবা, পিতৃক দেৱতাৰ দৰে মানিবা, আচাৰ্যক দেৱতাৰ দৰে মান্য কৰিবা। যিবোৰ অনিন্দনীয় কাম সেইবোৰ কৰিবা। ডাঙৰৰ যিবোৰ ভাল সেইবোৰ আচৰণ কৰিবা আৰু যিবোৰ বেয়া সেইবোৰ পৰিহাৰ কৰিবা।


অতিৰিক্ত প্ৰশ্নোত্তৰঃ



১। কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ চাৱ লগীয়া?

উত্তৰঃ তৈত্তৰীয় উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ চাৱ লগীয়া।

২। সভ্য জীৱন আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ কি?

উত্তৰঃ সভ্য জীৱন আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ হল নিত্য অধ্যয়ন।

৩। উঠি অহা যুৱকৰ ব্যক্তিগত সামাজিক উত্তৰ দায়িত্ব কি?

উত্তৰঃ উঠি অহা যুৱকৰ ব্যক্তিগত সামাজিক উত্তৰ দায়িত্ব হল অৰ্থবৃদ্ধি কৰা।

৪। ভাগৱত গীতাৰ মূল বাণী কি?

উত্তৰঃ ভাগৱত গীতাৰ মূল বাণী হল—কৰ্মই ধৰ্ম।

৫। ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায়?

উত্তৰঃ ঋকবেদৰ মন্ত্ৰবিলাকত আৰু ঋষিসকলৰ প্ৰাৰ্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্ৰবল ধাউতিৰ পৰিচয় পোৱা যায়।

৬। ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ?

উত্তৰঃ ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনাৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ। অৰ্থাৎ কেৱল নিজৰ বাবে ধন-সম্পদ উপাৰ্জন কৰিলেই নহব, পৰিয়ালৰ কাৰণেও, আনকি আচাৰ্য আৰি অতিথিয়ে প্ৰতিনিধিত্ব কৰা সমাজখনৰ প্ৰতিও তেওঁৰ আৰ্জিত আৰ্পিত কৰিব লাগে।

৭। নিত্য অধ্যয়নৰ গুৰুত্ব কেনেকুৱা?

উত্তৰঃ তীৰ্থনাথ শৰ্মাই তেওঁৰ ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত ব্ৰহ্মচৰ্য ব্ৰত শেষ কৰি গাৰ্হস্থ্য জীৱনত প্ৰৱেশ কৰিব বিচৰা শিষ্যসকলৰ নিত্য অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে তৈত্তৰীয় উপনিষদৰ প্ৰসংগ টানি আনি কৈছে যে নিত্য অধ্যয়ন সভ্য জীৱন আৰু উন্নত আচৰণৰ অপৰিহাৰ্য অংগ। অৰ্থাৎ ই খাৱন-শোৱনৰ নিচিনা সদায় এৰিব নোৱাৰা কাৰ্য।

৮। তৈত্তৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা।

উত্তৰঃ ভাৰতীয় আদৰ্শত যে বৈৰাগ্যৰ স্থান অতি উচ্চ তাক বাখ্যা কৰিবলৈ গৈ তীৰ্থনাথ শৰ্মাই তৈত্তৰীয় উপনিষদৰ অনুশাসনৰ কথাখিনি উল্লেখ কৰিছে। ইয়াৰ প্ৰথম উপদেশ দুটা হৈছে—সত্য আৰু ধৰ্ম। সমাজ আৰু ব্যক্তিৰ জীৱন কল্যাণময় আৰু সুখদায়ক হবলৈ হলে প্ৰত্যেত ব্যক্তিয়েই এই দুই মহৎ গুণৰ কৰ্ষণ কৰিব লাগিব। অন্যথা ব্যক্তি আৰু সমাজ জীৱন উভয়েই দুখদায়ক, পীড়াদায়ক আৰু বিশৃংখল হোৱাৰ সম্ভাৱনা থাকে। সত্য আৰু ধৰ্ম হল বিদ্যা অৰ্জনৰ চৰম লক্ষ্য।