SEBA Class 10 Social Science Question Answer | Assam Class 10 Social Science Question SCERT Solutions

SEBA Class 10 Social Science Question Answer |  Assam Class 10 SCERT Solutions | দশম শ্ৰেণী প্ৰশ্ন উত্তৰ | Class 10 All Books PDF File Download-Class X Social Science Question Answer | Assam Book-SEBA Class 10 Question Answer Assam-Assamese medium class 10 social science question answer.Class 10 social science notes in assamese.Class 10 social science notes seba.Seba social science class 10.Class 10 social science question answer seba.Class 10 social science assamese medium.Class 10 seba social science answers.Social science class 10 seba.Seba class 10 social science book PDF.Seba class 10 social science notes.

Assamese Medium Class 10 Social Science Question Answer | class 10 Social Science Notes in assamese.class 10 Social Science Notes seba

SEBA Class 10 Social Science Question Answer |  Assam Class 10 SCERT Solutions | দশম শ্ৰেণী প্ৰশ্ন উত্তৰ | Class 10 All Books PDF File Download-Class X Social Science Question Answer | Assam Book-SEBA Class 10 Question Answer Assam-Assamese medium class 10 social science question answer.Class 10 social science notes in assamese.Class 10 social science notes seba.Seba social science class 10.Class 10 social science question answer seba.Class 10 social science assamese medium.Class 10 seba social science answers.Social science class 10 seba.Seba class 10 social science book PDF.Seba class 10 social science notes.seba class 10 social science book pdf.seba class 10 social science syllabus.seba class 10 social science notes assamese mediumseba class 10th  social science notes assamese mediumseba class 10 social science question answer pdf.seba class 10 social science  notes assamese.social science class 10 seba question paper.seba class 10 social science  book question answer pdf.

SEBA Class 10 Social Science Question Answer |  Assam Class 10 SCERT Solutions | দশম শ্ৰেণী প্ৰশ্ন উত্তৰ | Class 10 All Books PDF File Download-Class X Social Science Question Answer | Assam Book-SEBA Class 10 Question Answer Assam-Assamese medium class 10 social science question answer.Class 10 social science notes in assamese.Class 10 social science notes seba.Seba social science class 10.Class 10 social science question answer seba.Class 10 social science assamese medium.Class 10 seba social science answers.Social science class 10 seba.Seba class 10 social science book PDF.Seba class 10 social science notes.seba class 10 social science book pdf.seba class 10 social science syllabus.seba class 10 social science notes assamese mediumseba class 10th  social science notes assamese mediumseba class 10 social science question answer pdf.seba class 10 social science  notes assamese.social science class 10 seba question paper.seba class 10 social science  book question answer pdf.

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ 
 প্ৰথম খণ্ড 

INDIAN FREEDOM MOVEMENT AND NATIONAL AWAKENING IN ASSAM 


অতি চমু উত্তৰৰ প্রশ্নঃ

১। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ? 
উত্তৰঃ ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল । 
২। কোম্পানিৰ আমােল বুলিলে কোনটো সময়ক বুজোৱা হয় ?
উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ বিস্তৃত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালক কোম্পানিৰ দিন বা কোম্পানি আমােল বুলি কোৱা হয় ।
৩। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰঃ  অসমত বাংলা ভাষাৰ প্ৰচলন ১৮৩৭ চনত  হৈছিল ।
৪। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল ?
উত্তৰঃ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন ১৮৭৩ চনত হৈছিল ।
৫। অৰুণােদয় কাকতৰ প্রথম সম্পাদক কোন আছিল ? 
 
উত্তৰঃ অৰুণােদয় কাকতৰ প্রথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা আছিল ।
৬। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল ?
উত্তৰঃ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন মিলন আছিল ।
৭। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল ?
উত্তৰঃ  ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য আছিল মাটিৰ খাজনা হ্রাস কৰা , গ্রেজিং কৰ বন্ধ কৰা আৰু পূর্ববংগৰ পৰা হােৱা প্ৰব্ৰজন ৰােধ কৰা ।
৮। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল ? 
উত্তৰঃ সদৌ অসম ৰায়ত সভাৰ গঠন ১৯৩৩ চনৰ ৮ এপ্রিলত মাহত হৈছিল ।
৯। আহােম সভাৰ সম্পাদক কোন আছিল ?
উত্তৰঃ আহােম সভাৰ সম্পাদক পদ্মনাথ গােহাঁইবৰুৱা আছিল ।
১০। যােৰহাট সার্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল ? 
 
উত্তৰঃ ১৮৮৪ চনত যােৰহাটত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন হৈছিল ।
১১। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল ?
উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কুলধৰ চলিহা আৰু সম্পাদক নবীন চন্দ্র বৰদলৈ আছিল ।
১২। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি কোন আছিল ? 
উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নির্বাচিত প্রথমজন সভাপতি বিষ্ণুৰাম মেধি আছিল ।
১৩। অসমৰ প্রথম প্রধানমন্ত্রী কোন আৰু কেতিয়া নির্বাচিত হৈছিল ? 
উত্তৰঃ অসমৰ প্রথম প্রধানমন্ত্রী গােপীনাথ বৰদলৈ আৰু ১৯৪৬ চনত  নির্বাচিত হৈছিল ।
১৪। অসমত স্থাপিত হােৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি ? 
উত্তৰঃ অসমত স্থাপিত হােৱা প্ৰথমখন জাতীয় অনুষ্ঠানটো হ’ল-তিলক সোঁৱৰণীস্কুল ( গুৱাহাটী ) ।
১৫৷ কোঁৱৰক কি অপৰাধত ফাঁচী দিয়া হৈছিল ?
উত্তৰঃ  কুশল কোঁৱৰক বৰপথাৰত ৰে’ল বগৰােৱাৰ অপৰাধত  ফাঁচী দিয়া হৈছিল । 
১৬। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল ?
উত্তৰঃ গুৱাহাটী বিশ্ববিদ্যালয় ১৯৪৮ চনৰ ২৬ জানুৱাৰীত স্থাপিত হৈছিল ।
১৭। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া নামাংকিত হয় ? 
উত্তৰঃ অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাৱে ১৯৪৭ চনৰ ৩ নৱেম্বৰত   নামাংকিত হয় ।
১৮। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাৱে আৰম্ভ হয় ?
উত্তৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ১৯৬০ চনৰ ২০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে আৰম্ভ হয়

চমু উত্তৰৰ প্ৰশ্ন

১। ‘অসমীয়া লিটাৰেৰী ছ’চাইটীৰ বিষয়ে চমুকৈ লিখা । 
উত্তৰঃ অসমীয়া ভাষা – সাহিত্যৰ উন্নতিৰ হকে গঠিত প্ৰথমটো সংগঠন আছিল ‘অসমীয়া লিটাৰেৰী ছচাইটী ‘ । ১৮৭২ চনত দেৱীচৰণ বৰুৱা আৰু গুণগােৱিন্দ বৰুৱাৰ নেতৃত্বত কলিকতাত অধ্যয়নৰত ছাত্ৰসকলে এই সংগঠনটো গঠন কৰিছিল । এই অনুষ্ঠানটোৰ প্ৰধান উদ্দেশ্য সাহিত্যচর্চা আছিল যদিও ইয়াত ৰাজনৈতিক চিন্তাৰো প্রকাশ ঘটিছিল ।
এই সংগঠনটোৰ দুজন সদস্য জগন্নাথ বৰুৱা আৰু মানিক চন্দ্ৰ বৰুৱাই অনুষ্ঠানটোৰ তৰফৰ পৰা তদানীন্তন ভাইচৰয় লর্ড নর্থব্রুক অর্পণ কৰা এক স্মাৰক-পত্ৰত অসমৰ প্রাকৃতিক সম্পদ উন্নয়নৰ লগতে অসম আৰু বংগৰ মাজত ৰে’ল সংযােগ স্থাপনৰ বাবে দাবী উত্থাপন কৰিছিল । এই অনুষ্ঠানটো ১৮৮৫ চনলৈ সক্রিয় অৱস্থাত আছিল ।

২। জোনাকী যুগৰ উল্লেখযােগ্য জাতীয়তাবাদী উত্তৰণৰ এটা চমু আভাস দিয়া । 
উত্তৰঃ কলিকতাত অধ্যয়নৰত কিছুসংখ্যক অসমীয়া ছাত্রই ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী
( অঃভাঃ উঃ সাঃ ) সভা নামেৰে এক সাহিত্য অনুষ্ঠান গঠন কৰিছিল । এই সাহিত্য অনুষ্ঠানটোৱে প্ৰকাশ কৰা আলােচনীখনৰ নাম আছিল জোনাকী । এই আলােচনীখনে অসমত সাংস্কৃতিক আৰু সাহিত্যিক নৱজাগৰণৰ সূচনা কৰে ।
জোনাকীৰ প্রথম সম্পাদক আছিল চন্দ্র কুমাৰ আগৰৱালা। ই সফলতাৰে ভালেমান নতুন সাহিত্যিক প্রতিভাৱান লােকক উলিয়াই আনিছিল । ই ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হােৱা নাছিল বৰং সাহিত্য জগতৰ উন্নয়নৰ মূল উদ্দেশ্যতে নিৱিষ্ট আছিল । হেমচন্দ্র গােস্বামী , লক্ষ্মীনাথ বেজবৰুৱা , চন্দ্ৰকুমাৰ আগৰৱালা আদি বিশিষ্ট লেখকসকলে এই আলােচনীৰ ভৱিতব্য পৰিচালনা কৰিছিল ।
এই তিনজন ব্যক্তিক জোনাকী যুগৰ ত্রিমূর্তি বুলি কোৱা হয় । অন্যান্য বিশিষ্ট লেখকসকল আছিল কনকলাল বৰুৱা , কমলাকান্ত ভট্টাচার্য অম্বিকাগিৰী ৰায়চৌধুৰী । এই আলােচনীয়ে অসমত সাংস্কৃতিক আৰু সামাজিক সচেতনতা উন্মেষ কৰিবলৈ সক্ষম হৈছিল । জোনাকী আলােচনীয়ে প্ৰভাৱ বিস্তাৰ কৰা এই সময়ছােৱাক জোনাকী যুগ বুলি অভিহিত হৈছিল ।
জোনাকী আলােচনীয়ে ব্রিটিছ শাসন কালত অসমৰ থলুৱা উদ্যোগ আৰু ব্যৱসায় – বাণিজ্যৰ অৱনতি সম্পর্কে আৰু অর্থনৈতিক  আত্মনিৰ্ভৰশীলতাৰ উজ্জীৱিতকৰণ সম্পর্কে সচেতনতা সৃষ্টিৰ প্ৰয়াস কৰিছিল ।

৩। আহােম সভাৰ ৰাজনৈতিক দাবী সম্পর্কে চমুকৈ লিখা । 
উত্তৰঃ ১৮৯৩ চনত পদ্মনাথ গােহাঁইবৰুৱাই আহােম সভা গঠন কৰিছিল । ১৯১০ চনত এই সভাক সদৌ অসম আহােম এছ’চিয়েছন নাম প্রদান কৰা হয় । আহােমসভাৰ প্ৰধান ৰাজনৈতিক দাবীসমূহ আছিল হ’ল-
 ( ক ) আহােমসকলক সংখ্যালঘু সম্প্রদায় হিচাপেস্বীকৃতি প্রদান কৰা । 
( খ ) বিধানসভাত আহােমসকলৰ বাবে আসন সংৰক্ষণ কৰা ।
 ( গ ) আহােমসকলৰ বাবে পৃথক সমষ্টি 

৪। আছাম এছ’চিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল ?
উত্তৰঃ ১৯০৩ চনত মানিক চন্দ্ৰ বৰুৱাই আছাম এছ’চিয়েছন প্রতিষ্ঠা কৰিছিল । আছাম এছ’চিয়েছনে ব্রিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ আছিল-


 
( ক ) পৌৰসভা আৰু লােকেল ব’ৰ্ডত ক্রমে চৰকাৰী বিষয়া আৰু চাহ খেতিয়কৰ আধিপত্যৰ বিৰােধিতা কৰিছিল ।

 ( খ ) স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ দাবী উত্থাপন কৰিছিল । 

( গ ) কৰৰ বৃদ্ধি , উৎপাদন শুল্ক নীতি আদিৰ বিৰােধিতা কৰিছিল ।

( ঘ ) কানিৰ ব্যৱহাৰ আৰু বিক্ৰী সম্পূর্ণ নিষিদ্ধকৰণৰ দাবী উত্থাপন কৰিছিল ।

( ঙ ) কলিকতা বিশ্ববিদ্যালয়ৰ সংস্থাত অসমীয়া লােকৰ প্রতিনিধিত্ব আৰুকটন মহাবিদ্যালয়ত অসমীয়া শিক্ষকৰ নিযুক্তিৰ দাবী উত্থাপন কৰিছিল ।

( চ ) ৰাজ্যখনত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ আহ্বান কৰিছিল ।

( ছ ) ১৯০৫ চনত পূব বংগৰ সৈতে অসমক সংলগ্ন কৰাৰ বিৰােধিতা কৰিছিল । 

( জ ) ১৯১৯ চনৰ মন্টেগাে ছেমছফ’র্ড সংস্কাৰ অসমত প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছিল ।

( ঝ ) অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰিছিল ।

৫। অসমত অসহযােগ আন্দোলনত নেতৃত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ  অসমত অসহযােগ আন্দোলনত চন্দ্ৰনাথ শৰ্মা , হেমচন্দ্ৰ বৰুৱা , অমিয় কুমাৰ দাস , মুহিবুদ্দিন আহমেদ আদিয়ে নেতৃত্ব প্ৰধান কৰিছিল । আন্দোলনত অংশগ্রহণ কৰা কেইগৰাকীমান যুৱনেতা আছিল লক্ষীধৰ শৰ্মা , ৰােহিণীকান্ত হাতীবা , বিমলাকান্ত বৰুৱা , কনক চন্দ্ৰ বৰুৱা , বেণুধৰ শৰ্মা , তিলক শর্মা ইত্যাদি ।

অসমত অসহযােগ আন্দোলনত নবীন চন্দ্র বৰদলৈ , কুলধৰ চলিহা , তৰুণৰাম ফুকন , কামিনী কুমাৰ চন্দ , বিষ্ণুৰাম মেধি আদি উকীলেও সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল ।


 
৬। কানিংহাম চাৰ্কুলাৰৰ বিষয়ে লিখা ।
উত্তৰঃ ১৯৩০ চনৰ মে’ত শিক্ষাধিকর্তা আৰু জে কানিংহামে প্রকাশ কৰা ‘কানিংহাম চাৰ্কুলাৰ’ৰ  জৰিয়তে ছাত্র আৰু অভিভাৱকসকলৰ পৰা কোনাে ধৰণৰ ৰাজনৈতিক কার্যকলাপত অংশগ্রহণ নকৰাৰ লিখিত প্রতিশ্রুতি বিচৰা হৈছিল ।

ইয়াত এই বুলিও প্রকাশ কৰা হৈছিল যে দোষী সাব্যস্ত হলে জৰিমনা দিব লাগিব আৰু এওঁলােকক ছাত্রবৃত্তিৰ পৰা বঞ্চিত কৰা হ’ব । গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত তেওঁলােকক শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ কৰা হ’ব বুলিও প্রকাশ কৰা হয় ।

এই চার্কুলাৰৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছিল আৰু বৃহৎ সংখ্যক ছাত্রই ইয়াৰ প্ৰতিবাদত আইন অমান্য আন্দোলনত অংশগ্রহণ কৰিছিল । এনেদৰে , কানিংহাম চার্কুলাৰে অসমত আইন অমান্য আন্দোলনৰ প্ৰসাৰত পৰােক্ষভাৱে সহায় কৰিছিল ।

৭। গােপীনাথ বৰদলৈ মন্ত্রীসভাই স্বাধীনতাৰ পিছত মুখামুখি হােৱা সমস্যা সম্পর্কে চমুকৈ লিখা ।
উত্তৰঃ ১৯৪৬ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ পাছত গােপীনাথ বৰদলৈৰ নেতৃত্বত কংগ্ৰেছ দলে অসমত চৰকাৰ গঠন কৰিছিল । বিধান সভাত কংগ্ৰেছ দলে ১০৮ খন আসনৰ ৫৮ খন আসন লাভ কৰে । ফলস্বৰূপে , গােপীনাথ বৰদলৈ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীত পৰিণত হয় । সেই সময়ত মুখ্যমন্ত্ৰীক প্রধানমন্ত্রী বুলি কোৱা হৈছিল । নতুন মন্ত্রীসভাই তলত দিয়া সমস্যাসমূহৰ সন্মুখীন হৈছিল –

 ( ক ) স্বাধীনতাৰ সময়লৈকে অসমত উপযুক্ত শৈক্ষিক আন্তঃগাঁথনি নাছিল । গতিকে , মানৱ সম্পদ উন্নয়নৰ বাবে নতুন চৰকাৰে উপযুক্ত শৈক্ষিক গাঁথনি প্রতিষ্ঠা কৰিবলগীয়া হৈছিল ।

 ( খ ) স্বাধীনতাৰ পিছত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সীমা নির্ধাৰণৰ বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰিছিল । 

( গ ) ১৯৪৭ চনৰ আগষ্টত হােৱা ভাৰত বিভাজনে অসমৰ সৈতে ভাৰতৰ  অন্যান্য অঞ্চলৰ যােগাযােগ বিঘ্নিত কৰিছিল । পশ্চিমবংগ আৰু অসমৰ মাজৰ ৰে’লপথ আৰু নদী পৰিবহণ পূর্ব পাকিস্তানৰ অন্তর্ভুক্ত হৈ পৰিছিল । গতিকে , পৰিবহণৰ নতুন পথৰ বিকাশ সাধন কৰিবলগীয়া হৈছিল ।

 ( ঘ ) বিভাজনে বংগ – অসম – আৰাকান অঞ্চলৰ মাজত বিৰাজ কৰা জটিল অর্থনৈতিক সম্পর্কত ব্যাঘাত জন্মাইছিল । 

( ঙ ) স্বাধীনতাৰ আগতে চাহ , নীল , মৰাপাট , ৰেছম আৰু কপাহী বস্ত্ৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম প্রসিদ্ধ আছিল । বিভাজনে এই সকলােবােৰতে প্ৰভাৱ বিস্তাৰ কৰিছিল ।

( চ ) ৰাজ্যখনৰ সামগ্রিক অর্থনৈতিক অৱস্থা নিম্ন পর্যায়ৰ আছিল । ইয়াৰ ফলত জনমূৰি আয় নিম্ন হয় আৰু মানুহৰ জীৱন ধাৰণৰ মানদণ্ডও নিম্ন হয় । এই পৰিস্থিতি উন্নত কৰিবলৈ চৰকাৰে জটিল পদক্ষেপ গ্রহণ কৰিবলগীয়া হৈছিল ।


 
 ( ছ ) স্বাধীনতাৰ পিছত পূব পাকিস্তানৰ পৰা জন প্রব্রজন আৰম্ভ হয় । চৰকাৰে ইয়াৰ লগত মােকাবিলা কৰিবলগীয়া হৈছিল ।

৮। অসম কৃষি বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা ।
উত্তৰঃ ১৯১৩ চনত কৰিমগঞ্জত এটা কৃষি গৱেষণা কেন্দ্র স্থাপনৰ পৰৱর্তী পর্যায়ত ১৯২৩ চনত তিতাবৰত অন্য এক কৃষি গৱেষণা কেন্দ্র স্থাপনৰ পদক্ষেপকে অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি বুলি অভিহিত কৰিব পাৰি । পাছৰ পৰ্যায়ত এখন কৃষি বিশ্ববিদ্যালয়ৰ প্রয়ােজনীয়তা জৰুৰীভাৱে অনুভৱ কৰা হয় ।

ইয়াৰ ফলশ্ৰুতিত যােৰহাটত এখন নতুন কৃষি মহাবিদ্যালয় আৰু নগাঁৱত এখন পশু মহাবিদ্যালয় স্থাপন কৰা হয় । এই দুয়ােখন মহাবিদ্যালয়ক অন্তর্ভুক্ত কৰি ১৯৬৯ চনত এখন কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হয় । পশু চিকিৎসা মহাবিদ্যালয়খন নগাঁৱৰ পৰা খানাপাৰা ( গুৱাহাটী ) লৈ স্থানান্তৰিত কৰা হয় ।

সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অসম কৃষি বিশ্ববিদ্যালয়খন প্রথম আৰু একমাত্র কৃষি বিশ্ববিদ্যালয় ।

৯। অসম চিকিৎসা মহাবিদ্যালয় প্রতিষ্ঠাৰ চমু ইতিহাস লিখা ।
উত্তৰঃ অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত স্থাপন কৰা হয় । এইখন  উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় । ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিভিল চার্জন ডা° জন বেৰী হােৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ১৯০০ চনত ডিব্ৰুগড়ত স্থাপন হােৱা বেৰী হােৱাইট মেডিকেল স্কুলৰ উন্নীতকৰণ হৈ এই মহাবিদ্যালয়ৰ প্রতিষ্ঠা হয় ।

১৯১০ চনত মহাবিদ্যালয়খনে ইংলেণ্ডৰ পৰা দুটা এক্স – ৰে মেচিন আমদানি কৰিছিল । ইয়াৰ ফলত মহাবিদ্যালয়খনে উন্নত চিকিৎসা শিক্ষা প্রদানৰ লগতে উন্নত চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হয় ।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ এখন চিকিৎসালয়ৰ চৌহদলৈ এই মহাবিদ্যালয়খন স্থানান্তৰিত কৰা হয় । ভাৰতৰ স্বাধীনতাৰ পাছত অর্থাৎ ১৯৪৭ চনত ৩ নৱেম্বৰত গােপীনাথ বৰদলৈ নেতৃত্বাধীন ৰাজ্য চৰকাৰে জন বেৰী হােৱাইট মেডিকেল স্কুলক অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰে ।

এই পদক্ষেপক বৰদলৈ মন্ত্রীসভাৰ এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে গণ্য কৰা হয় ।


দীঘল উত্তৰৰ প্রশ্ন :

১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কার্যাৱলীৰ বিষয়ে আলােচনা কৰা ৷
উত্তৰঃ ঊনবিংশ শতিকাৰ মাজ ভাগত দুটা দিশে প্রাধান্য লাভ কৰিছিল । প্রথম দিশটো এয়ে যে এই সময়ছােৱাত এচাম নতুন  শিক্ষিত মধ্যবিত্ত শ্রেণীৰ অসমীয়া বুদ্ধিজীৱীৰ উত্থান ঘটিছিল । দ্বিতীয়টো হৈছে ৰাজ্যখনত জাতীয় চেতনাৰ বিকাশ । এই সময়ছােৱাত মধ্যবিত্ত শ্রেণীটোৱে নিজকে সংগঠিত কৰি অসমীয়া ভাষা – সংস্কৃতিৰ উন্নতিৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল ।


 
ইয়াৰ ফলস্বৰূপে ১৮৫৭ চনত জ্ঞান প্রদায়িনী সভা আৰু ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ সংগঠন দুটাৰ প্রতিষ্ঠা হয় । ইয়াত তেওঁলােকে মাতৃভাষা পৰিহাৰ কৰি বাংলা ভাষা প্রয়ােগ কৰিবলগীয়া হৈছিল । বহুতাে যুৱকে নিজৰ ভাষাটোৰ পুনৰুত্থান কৰি ইয়াক সম্ভাব্য ক্ষেত্ৰত উত্তৰণৰ প্ৰয়ােজনীয়তা অনুভৱ কৰিছিল ।

এই উদ্দেশ্য সাৰৰাগত কৰি ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এটি সংগঠন প্রতিষ্ঠা কৰা হৈছিল । অতি সােনকালে এই সংগঠনটোৱে হেমচন্দ্র গােস্বামী , লক্ষ্মীনাথ বেজবৰুৱা , কনকলাল বৰুৱা , ৰমাকান্ত বৰকটকী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ সবল পৰিচালনাত এক সাহিত্য অনুষ্ঠান হিচাপে পৰিপক্কতা লাভ কৰিলে ।

 এই সভাই অসমৰ লগতে কলিকতাত বসবাস কৰা অসমীয়া লােকসকলৰ মাজত একতা আৰু জাতীয় চেতনা উন্মেষ কৰাত সফল হৈছিল । অসমীয়া ভাষাক এক আদর্শ ভাষা হিচাপে উন্নীত কৰিবলৈ এই সভাই পৰিশুদ্ধ আৰু উন্নত মানদণ্ডৰ ব্যাকৰণ প্ৰয়ােগৰ পদক্ষেপ লৈছিল ।

 এই সভাৰ অন্য এক গুৰুত্বপূর্ণ পদক্ষেপ আছিল অসমৰ সর্বাত্মক সামাজিক ইতিহাস সংকলন যুগুত কৰণ । অসমীয়া ভাষা উন্নতি সাধিনী সভাই অসমীয়া ভাষাৰ সমৃদ্ধিৰ বাবে সংস্কৃত ভাষাৰ গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰাৰ পদক্ষেপ গ্রহণ কৰিছিল । এই সাহিত্য অনুষ্ঠানটোৰ প্রচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুত্তম সৃষ্টি ‘হেমকোষ’প্রকাশ কৰি উলিয়াইছিল । 

কাৰ্যৱলী :- অসমীয়া ভাষা উন্নতি সাধিনীসভাই অসমৰ বুৰঞ্জী , সংস্কৃতি , সাহিত্য আদিৰ বৌদ্ধিক আলােচনা অনুষ্ঠিত কৰিছিল । ই অসমৰ ভিন্ন ঠাইত শাখা প্রতিষ্ঠাৰ বাবে প্ৰয়াস কৰিছিল । এই সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আছিল ইয়াৰ দ্বাৰা প্রকাশিত ‘ জোনাকী ’ নামৰ আলােচনীখন , যিয়ে অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল ।

এই আলােচনীৰ জৰিয়তে বহুতাে অসমীয়া যুৱক – যুৱতীৰ সুপ্ত সাহিত্য প্রতিভাই ৰাজহুৱাভাৱে স্বীকৃতি অর্জন কৰে । ভাষাৰ পুনৰুত্থানে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰে । ইয়াৰ ফলত জাতীয়তাবাদী চেতনা জাগ্রত হয় আৰু বিদেশীৰ কবলৰ পৰা স্বাধীনতা প্রাপ্তিৰ স্পৃহা জাগ্রত হয় ।

২। অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা ।
উত্তৰঃ ১৯১৬ চনৰ ২৪ ডিচেম্বৰত অসম ছাত্র সন্মিলনৰ গঠন হৈছিল । লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত এই সন্মিলনৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল । অসম ছাত্র সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল চন্দ্রনাথ শর্মা । এইসন্মিলনৰ প্ৰধান অবদানকেইটা আছিল –

( ক ) অসমীয়া ভাষাৰ বিকাশ আৰু সংৰক্ষণৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই ভাষাটোক সমৃদ্ধিশালী কৰে । 

( খ ) বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলক নিজ মাতৃভাষাক ভাল পাবলৈ আৰু তেওঁলােকৰ স্বকীয় অৰিহণাৰে ইয়াক সমৃদ্ধ কৰিবলৈ অনুপ্রাণিত কৰিছিল আৰু এনেদৰে অসমীয়া ভাষাৰ উন্নতি সাধনৰ বাবে প্রশংসনীয় ভূমিকা পালন কৰিছিল । অসম ছাত্র সন্মিলনে আৰম্ভণিতে ৰাজনীতিৰ লগত জড়িত হােৱা নাছিল ।

অসমীয়া ভাষাৰ উন্নতি সাধনৰ ক্ষেত্ৰতহেই জড়িত আছিল । ইয়াৰ বাৰ্ষিক অধিৱেশনসমূহত শিক্ষা , ৰাজনীতি , সাহিত্য আদি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে যােগদান কৰিছিল । এনে কেইগৰাকীমান বিশিষ্ট ব্যক্তি আছিল লক্ষ্মীনাথ বেজবৰুৱা , পদ্মনাথ গােহাঁইবৰুৱা , আচার্য প্রফুল্ল চন্দ্র ৰায় , কৃষ্ণকান্ত সন্দিকৈ ইত্যাদি । অসম ছাত্র সন্মিলনে মিলন’নামৰ মুখপত্র এখন প্রকাশ কৰিছিল ।

৩। ৰায়ত সভাসমূহৰ উদ্দেশ্য আৰু ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ প্ৰথমতেগঠন হােৱা আটাইতকৈ গুৰুত্বপূৰ্ণ ৰায়ত সভা দুখন হৈছে ১৮৮৪-৮৫ চনত গঠন হােৱা তেজপুৰ ৰায়ত সভা আৰু ১৮৮৬-৮৭ চনত গঠন হােৱা নগাঁও ৰায়ত সভা । এই ৰায়ত সভাসমূহৰ পৰিকল্পনা অসমীয়া মধ্যবিত্ত শ্রেণীৰ লােকসকলে চূড়ান্ত কৰাৰ লগতে কার্যকৰী কৰিছিল । কৃষকৰ অধিকাৰৰ বাবে সংগ্রাম কৰাটোৱেইৰায়ত সভাৰ উদ্দেশ্য আছিল।


 
ৰায়ত সভাই অসমত ব্রিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল । গ্রেজিং কৰ বন্ধ কৰা মাটিৰ খাজনা হ্রাসকৰা আদি দাবীও ৰায়ত সভাই উত্থাপন কৰিছিল । এই সভাই পূর্ববংগৰ পৰা অসমলৈ হােৱা প্ৰব্ৰজন ৰােধ কৰিবলৈও দাবী উত্থাপন কৰিছিল ।

অৱশ্যে লক্ষ্যণীয় কথাটো এয়ে যে ১৮৯৩-৯৪ চনত নগাঁও , দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অংশত সূত্রপাত হােৱা কৃষক বিদ্রোহসমূহত ৰায়ত সভাই সক্রিয় ভূমিকা পালন কৰা নাছিল । ঊনবিংশ শতিকাৰ আৰম্ভণিতে ৰায়ত সভাসমূহৰ প্ৰাৰম্ভিক অৱস্থিতিৰ অন্ত পৰে ।

১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈ আইন অমান্য আন্দোলনৰ সময়ছােৱাত অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে এই ৰায়ত সভাসমূহৰ পুনৰ গঠন কৰে । এই সময়ছােৱাত ৰায়ত সভাসমূহে মাটিৰ খাজনা ৫০ শতাংশ হ্রাস কৰিবলৈ দাবী – উত্থাপন কৰিছিল ।

ৰাজ্যখনতৰায়ত সভাসমূহৰ কাৰ্যৰ সমন্বয় সাধন কৰিবলৈ আৰু সামূহিক লক্ষ্যত উপনীত হ’বলৈ কংগ্ৰেছ নেতা নবীন চন্দ্র বৰদলৈৰ তত্ত্বাৱধানত ১৯৩৩ চনৰ ৮ এপ্রিলত সদৌ অসম ৰায়ত সভাৰ গঠন হয় । পৰৱর্তী কেইটামান বৰ্ষত প্রায় ৩০০ খন ৰায়ত সভাৰ গঠন হয় ।

অৱশ্যে , ১৯৪০ চনৰ শেষৰফালে ৰায়ত সভাসমূহৰ কাম কাজ নােহােৱা হৈ পৰিছিল আৰু বুজন সংখ্যকে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ লগত চামিল হৈ পৰিছিল ।

৪। যােৰহাট সার্বজনিক সভাৰ উদ্দেশ্য আৰু কার্যাৱলী সম্পর্কে লিখা ।
উত্তৰঃ যােৰহাট সার্বজনিক সভাৰ ১৮৮৪ চনত যােৰহাটত গঠন হয় । এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা ।

 যােৰহাট সার্বজনিক সভাৰ প্রধান উদ্দেশ্যসমূহ :- 

( ক ) চৰকাৰক ৰাইজৰ আশা – আকাংক্ষা সম্পর্কে জনােৱা ।

( খ ) চৰকাৰৰ নীতিসমূহ ৰাইজক ব্যাখ্যা কৰা ।

( গ ) জনসাধাৰণৰ দুখ – দুর্দশা হ্রাস কৰা ।


 
 যােৰহাট সার্বজনিক সভাৰ কাৰ্যৱলীসমূহ:-

( ক ) এই সভাই অসম ভূমি আৰু ৰাজহ নিয়ন্ত্রণ আইন , ১৮৮৬ ৰ বিৰােধিতা কৰিছিল ।

( খ ) ১৮৯২-৯৩ চনত চৰকাৰে বৰ্দ্ধিত নিৰিখৰ ৰাজহ আৰােপ কৰাৰ বাবে সভাই কৃষক সমাজৰ সৈতে প্রতিবাদ সাব্যস্ত কৰিছিল । 

( গ ) ১৮৯৩ চনত কানিৰ ব্যৱসায় অব্যাহত ৰাখিবলৈ ৰাজকীয় কানি আয়ােগলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ।

( ঘ ) এই সভাই ১৯০৫ চনৰ বংগ বিভাজনৰ বিৰুদ্ধে আৰম্ভণিতে বিৰােধিতা কৰিছিল যদিও তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ব্যামফিল্ড ফুলাৰে অসমৰ সৈতে পূর্ববংগৰ চামিল কৰণৰ ফলত অসম উপকৃত হ’ব বুলি ব্যক্ত কৰাত ইয়াৰ বহুততা সদস্যই ধাৰণাটোৰ সমর্থন কৰিছিল । 

৫। আছাম এছ’চিয়েচনৰ ব্রিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা ।
উত্তৰঃ আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল । এই অধিৱেশনত ৰাজা প্রভাত চন্দ্র বৰুৱাক  সভাপতি আৰু মানিক চন্দ্ৰ বৰুৱাক সাধাৰণ সম্পাদক হিচাপে নির্বাচিত কৰা হয় । ১৯০০ চনৰ পৰা ১৯২০ চনলৈ এই সংগঠনে জনসাধাৰণৰ মুখপাত্র হিচাপে সেৱা আগবঢ়ায় ।

ই জনসাধাৰণৰ অভাৱ – অভিযােগ আৰু আশা – আকাংক্ষা সম্পর্কে কর্তৃপক্ষক অৱগত কৰিছিল । ইয়াৰ বহুতাে সদস্য আইন সভাৰ সদস্য হােৱা বাবে তেওঁলােকে চৰকাৰক প্ৰভাৱিত কৰিব পাৰিছিল আৰু এনেদৰে অসমৰ আর্থ – সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতি উন্নীতকৰণৰ বাবে এই সংগঠনে প্রশংসনীয় ভূমিকা পালন কৰিছিল । আছাম এছচিয়েছৰ কেইটামান পদক্ষেপ তলত উল্লেখ কৰাহ’ল- 

( ক ) পৌৰসভাত চৰকাৰী বিষয়া আৰু স্থানীয় সমিতিত চাহ খেতিয়কসকলৰ আধিপত্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল ।

( খ ) স্থানীয় সমিতিসমূহৰ গণতান্ত্রিকীকৰণৰ বাবে দাবী জনাইছিল । 

( গ ) কৰ , আৱকাৰী শুল্ক আদিৰ বৃদ্ধিত বিৰােধিতা কৰিছিল । 

( ঘ ) কানিৰ বিক্ৰী আৰু ব্যৱহাৰত সম্পূর্ণ নিষেধাজ্ঞা বলবৎ কৰাৰ দাবী উত্থাপন কৰিছিল ।

( ঙ ) কলিকতা বিশ্ববিদ্যালয়ৰ সংস্থাত অসমীয়া লােক প্রতিনিধিত্ব আৰু কটন মহাবিদ্যালয়ত অসমীয়া শিক্ষকৰ নিযুক্তিৰ দাবীউত্থাপন কৰিছিল । 

( চ ) ৰাজ্যখনত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ আহ্বান কৰিছিল । 

( ছ ) ১৯০৫ চনত পূর্ব বংগৰ সৈতে অসমক সংলগ্ন কৰাৰ বিৰােধিতা কৰিছিল । 

( জ ) ১৯১৯ চনৰ মন্টেগাে – ছেমছফ’র্ড সংস্কাৰ অসমত প্ৰৱৰ্তন কৰাৰ দাবী উত্থাপন কৰিছিল ।

( ঝ ) অসমত বিশ্ববিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰিছিল ।

৬। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ জন্ম আৰু মুখ্য ভূমিকা সম্পর্কে সংক্ষিপ্ত বিৱৰণ দিয়া ।
উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটি গঠন ব্রিটিছ সাম্রাজ্যবাদৰ বিৰুদ্ধে জাতীয়তাবাদী চেনা উন্মেষণৰ পৰিণতি আছিল । ১৮৮৫ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠনৰ পিছৰে পৰা ইয়াৰ অধিৱেশনসমূহত অসমৰ বহুতাে সংগঠনৰ সদস্যই অংশগ্রহণ কৰিছিল । অৱশ্যে জাতীয় কংগ্রেছৰ আৰ্হি – আদর্শই মধ্যবিত্ত শ্রেণীৰ একাংশক যথেষ্ট আকর্ষিত কৰিছিল ।

অৱশেষত আছাম এছ’চিয়েছনক কংগ্ৰেছ সংগঠনলৈ পৰিৱৰ্তন কৰাৰ উদ্দেশ্যে ১৯২১ চনৰ ১৮ এপ্রিলত ছবিলাল উপাধ্যায়ৰ পৌৰােহিত্যত যােৰহাটত অনুষ্ঠিত অধিৱেশনৰ পাছত সেই বছৰৰে জুন মাহত নবীন চন্দ্র বৰদলৈ , কৃষ্ণকান্ত ভট্টাচার্য আৰু ছবিলাল উপাধ্যায়ৰ উদ্যোগত অসম প্রদেশ কংগ্ৰেছ কমিটি গঠন কৰা হয় ।

অসম প্রদেশ কংগ্ৰেছ কমিটিৰ মুখ্য ভূমিকাসমূ হ’ল- 

( ক ) অসম প্রদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত ১৯২১ চনত গান্ধীজীক অসমলৈ নিয়ন্ত্রণ কৰা হয় । অসহযােগ আন্দোলনৰ প্ৰসাৰত এই পদক্ষেপে সহায় কৰিছিল ।

( খ ) ১৯২৬ চনত পাণ্ডুত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ ৪১ তম অধিৱেশন অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে আয়ােজন কৰিছিল । 

( গ ) অসম প্রদেশ কংগ্ৰেছ কমিটিৰ নেতা বিষ্ণুৰাম মেধি , সিদ্ধিনাথ শৰ্মা , মৌলানা তৈবুল্লা , অম্বিকাগিৰী ৰায়চৌধুৰী আদিয়ে কংগ্ৰেছৰ পৰিকল্পনাসমূহ কার্যকৰী কৰিবলৈ যথেষ্ট প্রয়াস কৰিছিল । 

( ঘ ) কেবিনেট মিছনে অসম উত্তৰ পূৰ্বাঞ্চলক পূর্ববংগৰ লগত সাঙুৰি গােট ‘ গ’ৰ অন্তর্ভুক্ত কৰা পদক্ষেপক মুখ্যমন্ত্রী গােপীনাথ বৰদলৈৰ নেতৃত্বত অসম প্রদেশ কংগ্ৰেছ কমিটিয়ে বিৰােধিতা কৰিছিল । গান্ধীজীৰ সমর্থন আৰু বৰদলৈৰ নেতৃত্বত সংগঠিত হােৱা আন্দোলনৰ ফলত তেওঁলােকৰ উদ্দেশ্য সফল হৈছিল অর্থাৎ ‘ গ ’ গােটত অসম অন্তর্ভুক্ত নহ’ল ।



৭৷ স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া ।
উত্তৰঃ অসমত স্বদেশী আন্দোলনৰ প্ৰভাৱ প্ৰধানকৈ ধুবুৰী , গৌৰীপুৰ , গােৱালপাৰা , তেজপুৰ , ডিব্ৰুগড় আদি ঠাইত পৰিলক্ষিত হৈছিল । কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰী আৰু গােবিন্দ লাহিড়ীয়ে গুৱাহাটীৰ ছাত্ৰসকলৰ মাজত এটা বিপ্লৱী সংগঠন কৰিছিল ।


 
তেওঁলােকে অসমৰ লােকসকলক বিদেশী বস্তু বর্জন কৰিবলৈ আৰু থলুৱা সামগ্রী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল । ইয়াৰ ফলস্বৰূপে বিদেশত নির্মিত সামগ্রী বিশেষকৈ বস্ত্ৰৰ চাহিদা হ্রাস পাইছিল । স্থানীয় উদ্যোগসমূহৰ বিকাশ সাধন হােৱাৰ লগতে এড়ি , মুগা , পাট , খাদীবস্ত্র আদি প্রস্তুতকৰণৰ লগত জড়িত কুটীৰ শিল্প বিকশিত হৈছিল ।

ছাত্ৰৰ এটা গােটে সপ্তাহত দুদিনকৈ জাহাজঘাটত কুলীৰ কাম কৰি যি ধন উপার্জন কৰিছিল সেয়া স্বদেশী আন্দোলনৰ পুঁজিলৈ আগবঢ়াইছিল । ক্ষুদিৰাম বসু , উল্লাস কৰ দত্ত আৰু বাৰীন্দ্র ঘােষৰ লগত যােগাযােগ স্থাপনেৰে অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘ সেৱা সংঘ’নামৰ এটা বিপ্লৱীসংগঠন গঠন কৰিছিল ।

স্বদেশী আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ ব্রিটিছ চৰকাৰে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিল । ইয়াৰে কেইটামান হ’ল :- 

( ক ) কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ পাঠ্যক্ৰমত অসমীয়া ভাষা আৰু সাহিত্যৰ অন্তর্ভুক্তি । 

( খ ) উৎকৃষ্ট শিক্ষানুষ্ঠান হিচাপে কটন কলেজক গঢ়ি তুলিবলৈ ইয়াৰ সকলোবােৰ বিভাগতে স্নাতক মহলাৰ শ্ৰেণীৰ প্ৰাৰম্ভণ ।

( গ ) অসমত কুৰিদফীয়া ভূমি বন্দোৱস্তিৰ প্ৰৱৰ্তন ।

লক্ষ্যণীয় কথাটো এয়ে যে স্বদেশী আন্দোলন সুমা উপত্যকাত যথেষ্ট জনপ্রিয় আছিল । সুৰমা ভেলী এছ’চিয়েছনে এই আন্দোলনৰ নেতৃত্ব প্রদান কৰিছিল । এই অঞ্চলত হােৱা আন্দোলনৰ ফলস্বৰূপে শ্রীহট্ট , হবিগঞ্জ , শ্রীমংগল , লখাই বনিয়াচাং , কৰিমগঞ্জ , শিলচৰ আদিত জাতীয় বিদ্যালয় স্থাপিত হৈছিল ।

৮। অসহযােগ আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ গান্ধীজীয়ে ভাৰতৰ সকলাে লােককে যেতিয়া অসহযােগ আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল তেতিয়া আছাম এছ’চিয়েছনে আন্দোলনত অংশগ্রহণ কৰাৰ সন্দৰ্ভত নিশ্চয়তা প্রদান কৰানাছিল । গংগাগােবিন্দ বৰুৱা , তাৰা প্রসাদ চলিহা , ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই আন্দোলনত অংশগ্রহণ নকৰিবলৈ সিদ্ধান্ত লৈছিল ।

১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত আছাম এছ’চিযেছনৰ ১৭ তম অধিৱেশনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হােৱা অসহযােগ আন্দোলনত অংশগ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয় । ইয়াৰ ফলস্বৰূপে ১৯২১ চনৰ জুন মাহত আছাম এছ’চিয়েছন অসম প্রদেশ কংগ্ৰেছ কমিটিলৈ ৰূপান্তৰিত হয় । 

১৯২১ চনত মহাত্মা গান্ধীয়ে অসমত পদার্পণ কৰাৰ পাছত অসহযােগ আন্দোলনৰ গতিতীব্রতৰ হৈছিল । হাজাৰ হাজাৰ লােকে তেওঁৰ সভাত অংশগ্রহণ কৰিছিল।মহাত্মা গান্ধীৰ আহ্বান ক্রমে বহুতাে লােকে আন্দোলনত অংশগ্ৰহণৰ পদক্ষেপেৰে শিক্ষানুষ্ঠান , চৰকাৰী কার্যালয় আৰু আদালত বর্জন কৰিছিল ।  

অসহযােগ আন্দোলনলৈ পূর্ণ সমর্থন আগবঢ়োৱা অন্য এটা গােট আছিল চাহ বাগিছাৰ শ্ৰমিকসকল । তেওঁলােকে ঔপনিৱেশিক শশাষণৰ বিৰুদ্ধে ক্ষোভ প্রকাশ কৰাৰ সুযােগ গ্রহণ কৰিলে ।  ১৯২১ চনত কৰিমগঞ্জ মহকুমাৰ প্রায় ৮০০০ হেজাৰ চাহ শ্রমিকে কংগ্ৰেছৰ নেতৃত্বত ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল ।


 
তেওঁলােকে মজুৰি বৃদ্ধিৰ বাবে দাবী উত্থাপন কৰিছিল । অৱশ্যে , চৰকাৰে কঠোৰভাৱে এই বিক্ষোভ দমন কৰিছিল । ইয়াৰ ফলত ভালেমান শ্রমিকৰ মৃত্যু হৈছিল আৰু বাকীসকলে পুনৰায় কামত যােগদান কৰিবলৈ বাধ্য হৈছিল ।

 অসহযােগ আন্দোলনৰ এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত গুৱাহাটী , নলবাৰী , যােৰহাট , তেজপুৰ , শিৱসাগৰ , নগাঁও , কৰিমগঞ্জ আৰু মৌলবী বজাৰকে ধৰি অসমৰ ভিন্ন ঠাইত জাতীয় শিক্ষানুষ্ঠান স্থাপিত হৈছিল ।

 অসমত স্থাপিত প্ৰথমটো জাতীয় শিক্ষানুষ্ঠান আছিল ১৯২১ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত স্থাপিত তিলক সোঁৱৰণী স্কুল । এই আন্দোলনৰ অন্য এটা ইতিবাচক প্রভাৱ এয়ে যে ইয়াৰ ফলত কানিৰ ব্যৱহাৰ হ্রাস পাইছিল । পূর্বতে অসম ৰাজ্যত বিস্তৃতভাৱে কানিৰ ব্যৱহাৰ হৈছিল ।

কিন্তু কংগ্রেছৰ নেতৃত্বত হােৱা কানি বিৰােধী অভিযানৰ বাবে কানিৰ বিক্ৰী আৰু ব্যৱহাৰ যথেষ্ট হ্রাস পায় । কানি বিক্ৰীৰ জৰিয়তে আয় হােৱা ৰাজহ ১৯ লাখ টকা পর্যন্ত হ্রাস পাইছিল । 

৯। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ গান্ধীজীৰ লােণ সত্যাগ্রহৰ সমৰ্থনত হেমচন্দ্ৰ বৰুৱা , মহম্মদ তৈবুল্লা , বিষ্ণুৰাম মেধি , অম্বিকাগিৰী ৰায়চৌধুৰী আদি কংগ্ৰেছ নেতাসকলে গুৱাহাটীৰ জজ খেলপথাৰত একত্ৰিত হৈছিল আৰু গান্ধীৰ লােণ সত্যাগ্রহৰ সন্দৰ্ভত সহমত পােষণ কৰিছিল । গান্ধীজীৰ নেতৃত্বত হােৱা দাণ্ডি যাত্ৰাত সেই সময়ত কলিকতাৰ চি টি কলেজত অধ্যয়নৰত অসমীয়া ছাত্র লীলাধৰ বৰুৱাই অংশগ্রহণ কৰিছিল ।

অৱশ্যে , অসমৰ বহুতাে কংগ্রেছসদস্যই ৰাজ্যখনত আইন অমান্য আন্দোলন সূচনা কৰাৰ আগ্রহী নাছিল । বিষ্ণুৰাম মেধি , মহম্মদ তৈবুল্লা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কার্যত নেতৃত্ব প্রদানেৰে দলটোত নতুন জীৱন সঞ্চাৰ কৰিছিল । তেওঁলােকৰ নেতৃত্বত আইন অমান্য আন্দোলন অসমত গণ আন্দোলন পৰিণত হৈছিল ।

আন্দোলনৰ বিভিন্ন দিশ সংগঠিত কৰিবলৈ ভালেমান নতুন কমিটি আৰু উপ কমিটি গঠন কৰা হৈছিল । এই সমিতিসমূহৰ প্রধান উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা , অৱদমনকাৰী আইন আৰু অধ্যাদেশৰ অৱমাননা কৰা , বিদেশী বস্তুৰ বৰ্জন কৰা আৰু ৰাজ্যখনত কানিবিৰােধী আৰু সুৰাবিৰােধী অভিযান তীব্রতৰ কৰা ।

অৱশ্যে দুটা ঘটনাই তেওঁলােকক জাতীয় আন্দোলনত অংশগ্রহণ কৰিবলৈ উৎসাহিত কৰে । তাৰে এটা আছিল ব্রিটিছ চৰকাৰৰ দ্বাৰা পণ্ডিত জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধীৰ গ্ৰেপ্তাৰ । তেওঁলােকৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহৎসংখ্যক ছাত্রই প্রবািদ সাব্যস্ত কৰিছিল ।

তেওঁলােকক বিধ্বিহির্ভূতভাৱে গ্রেপ্তাৰ কৰাৰ বিৰুদ্ধে হাজাৰ হাজাৰ ছাত্ৰই শ্রেণীবর্জন কৰিছিল । ১৯৩০ চনৰ জুলাই আৰুআগষ্ট মাহত ১৫,১৮৬ জন ছাত্ৰৰ ভিতৰত ৩,১১৭ জনেনিজ শিক্ষানুষ্ঠান এৰিছিল । পৰৱৰ্তী পৰ্যায়ত কানিৰ দোকানসমূহ বন্ধকৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছিল।বৃহৎসংখ্যক কৃষকে এই আন্দোলনত যােগদান কৰিছিল ।

তেওঁলােকে ভূমিৰাজহ ৫০ শতাংশ হ্রাস কৰাৰ দাবী উত্থাপন কৰিছিল । চাপাপুৰ আৰু বিজনীত বন আইননা উলংঘা কৰা হৈছিল । ব্রহ্মপুত্র উপত্যকাৰ ছাত্ৰসকলক অনুসৰণ কৰি সুৰমা উপত্যকাৰ ছাত্ৰসকলেও আন্দোলনত অংশগ্রহণ কৰিছিল ৷ এই আটাইবােৰ পদক্ষেপে আইন অমান্য আন্দোলনক অসমত সফল কৰি তুলিছিল ।


 
১০। অসমত ভাৰত ত্যাগ আন্দোলনৰ এটি খতিয়ান দাঙি ধৰা ।
উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত মুম্বাইত মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল । এই আন্দোলনৰ সময়ছােৱাতে মহাত্মা গান্ধীয়ে তেওঁৰ বিখ্যাত ‘কৰিম কিম্বা মৰিম’ শ্লোগানেৰে ভাৰতীয়সকলক আন্দোলনত অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছিল । জাতীয় আন্দোলনৰ অনুৰণন অসমতাে হৈছিল । 

ভাৰতৰ অন্যান্য অংশৰ দৰে অসমৰ কংগ্ৰেছ নেতাসকলেও ৰাজ্যখনত ভাৰত ত্যাগ আন্দোলন সংগঠিত কৰিছিল । অৱশ্যে অতি সােনকালে অধিকাংশ নেতাক গ্রেপ্তাৰ কৰি কাৰাগাৰত নিক্ষেপকৰা হয় ।

অসম প্রদেশ কংগ্ৰেছকমিটি , সকলাে জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ বুলি ঘােষণা হয়।বৃহৎ জনসমাৱেশ , হতাল , প্রতিবাদী শােভাযাত্রা আদিৰ ৰূপত চৰকাৰ বিৰােধী যিকোনাে বিক্ষোভ প্রদর্শনৰ পদক্ষেপ নিষিদ্ধ কৰা হয় । 

অৱশ্যে , কিছুসময় অতিবাহিত হােৱাৰ পাছত আন্দোলনটো সামান্যভাৱে উগ্র হয় । জনসাধাৰণে চৰকাৰী ভৱন ধ্বংসাৰ লগতে ৰে’লপথ আৰু সামৰিক বাহিনীৰ অস্ত্ৰ সৰহৰ বাট – পথসমূহৰ ক্ষতি সাধন কৰিছিল । এনে উগ্র বিক্ষোভৰ ঘটনা নগাঁও আৰু দৰং জিলাত সংঘটিত হৈছিল ।

ৰে’ল বগৰােৱাৰ ঘটনা সংঘটিত হােৱা ঠাইসমূহ আছিল হাবিগঞ্জৰ চাহাবী বজাৰ , গােলাঘাটৰ বৰপথাৰ , কামৰূপৰ পাণবাৰী আৰু ৰঙিয়া আৰু শিৱসাগৰ জিলাৰ চাফ্রাই । 

চৰকাৰে এই বিদ্রোহ কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল । শ শ মানুহক গ্রেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰা হয় । বৰপথাৰত বে’লবগৰােৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হয় । তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ছােৱাত মৃত্যুদণ্ডৰে দণ্ডিত হােৱা একমাত্র ভাৰতীয় । 

অসমৰ কেইবা ঠাইতাে পুলিচৰ দ্বাৰা গুলীচালনাৰ ঘটনা সংঘটিত হয় । এনে এক গুলীচালনাৰ ঘটনাত গহপুৰৰ কনকলতা বৰুৱা নামৰ এগৰাকী ১৪ বছৰীয়া কিশােৰীয়ে মৃত্যুবৰণ কৰে । আন্দোলনৰ প্ৰধান নেতাসকল কাৰাগাৰত থকাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ আত্মগােপনকাৰী নেতাই অসমত আন্দোলন পৰিচালনা কৰিছিল ।

শংকৰ চন্দ্ৰ বৰুৱা , মহেন্দ্র নাথ হাজৰিকা , জ্যোতিপ্ৰসাদ আগৰৱালা , গহন চন্দ্র গােস্বামী , লক্ষ্মীপ্রসাদ গােস্বামী , ব্রজনাথ শৰ্মা আদিয়ে আত্মগােপনকাৰী সংগঠনৰ নেতৃত্ব বহনেৰে এই আন্দোলনৰ সময়ছােৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল । কেৱল বজালী অঞ্চলতে ৩২ টা গােপন স্বেচ্ছাসেৱী কেন্দ্র স্থাপন কৰা হৈছিল ।

কামৰূপ , নগাঁও , দৰং আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অংশতে এনেকুৱা ভালেমান সংগঠন প্রতিষ্ঠা কৰা হৈছিল । এই আন্দোলনৰ এটা লক্ষ্যণীয় দিশ এয়ে যে এই আন্দোলনৰ সময়ছােৱাত গাঁওবাসী যথেষ্ট সক্রিয় হৈ পৰিছিল । বহুতাে গাঁৱত সংগঠিত হােৱা সমান্তৰাল চৰকাৰে প্ৰশাসনৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব আৰােপ কৰিছিল ।

বজালী , হাতীচোং , ঢকুৱাখানা , ৰহা , জামুগুৰি আৰু বাঁহজানিত গাঁও পঞ্চায়ত গঠন কৰা হৈছিল । বহুতাে গাঁৱত ৰাজহ বিবােধী পদক্ষেপ তীব্র হৈছিল । অন্যাৰ্থত ব্রিটিছৰ বিৰুদ্ধে বিস্তৃতভাৱে চেতনাৰ উন্মেষণ হৈছিল । এইক্ষেত্ৰত সন্দেহ নাই যে যদিও ভাৰত ত্যাগ আন্দোলন কঠোৰভাৱেদ মন কৰা হৈছিল ।

১১। বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হােৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া ।
উত্তৰঃ বৰদলৈ মন্ত্রীসভাৰ নেতৃত্বত অসমত স্থাপিত হােৱা শিক্ষানুষ্ঠানসমূহ হৈছেঃ-

( ক ) অসম কৃষি বিশ্ববিদ্যালয় :- ১৯৪৮ চনত যােৰহাটত অসম কৃষি মহাবিদ্যালয় স্থাপন হয় আৰু নগাঁৱত অসম পশু মহাবিদ্যালয় স্থাপন হয় । ১৯৬৯ চনত এই দুয়ােখন মহাবিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয় নামৰ এখন বিশ্ববিদ্যালয়ৰ অন্তর্ভুক্ত হয় ।

যদিও এই বিশ্ববিদ্যালয়খন বৰদলৈ মন্ত্রীসভাৰ কার্যকালত প্রতিষ্ঠা কৰা হােৱা নাছিল তথাপি এনে বিশ্ববিদ্যালয় প্রতিষ্ঠাৰ প্ৰাৰম্ভিক পদক্ষেপ বৰদলৈ মন্ত্রীসভাৰ সময়ছােৱাতে গ্ৰহণ কৰা হৈছিল ।

 ( খ ) গুৱাহাটী বিশ্ববিদ্যালয় :- ১৯৪৮ চনৰ ২৬ জানুৱাৰীত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল । এই বিশ্ববিদ্যালয়খন উত্তৰ – পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় ।১৯১৭ চনত ছেডলাৰ আয়ােগে অসমত বিশ্ববিদ্যালয় স্থাপনৰ সন্দৰ্ভত পােন প্রথমে অভিমত প্ৰকাশ কৰিছিল ।

অসমত বিশ্ববিদ্যালয় স্থাপন কৰাটো আছাম এছ’চিয়েছনৰ এক অন্যতম গুৰুত্বপূর্ণ দাবী আছিল । ফলস্বৰূপে অসম চৰকাৰৰ গুৱাহাটী বিশ্ববিদ্যালয় আইন ১৯৪৭ ৰ অধীনত ১৯৪৮ চনত এইখন বিশ্ববিদ্যালয় স্থাপন কৰা হয় ।

ইয়াৰ আনুষ্ঠানিক প্রতিষ্ঠাৰ সময়ত ইয়াৰ অধীনত ১৭ খন মহাবিদ্যালয় আৰু  আঠটা স্নাতকোত্তৰ বিভাগ আছিল । ১৯৫৫-৫৬ চনত বিশ্ববিদ্যালয়খন গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত ইয়াৰ পূর্বৰ স্থানৰ পৰা বৰ্তমানৰ জালুকবাৰী চৌহদলৈ স্থানান্তৰিত কৰা হয় ।

( গ ) অসম চিকিৎসা মহাবিদ্যালয় :-  ইষ্ট ইণ্ডিয়া কোম্পানীৰ চিভিল চার্জন ডাঃ জন বেৰী হােৱাইটৰ ৫০,০০০ টকাৰ অনুদানৰ পুঁজিৰে ১৯০০ চনত ডিব্ৰুগড়ত স্থাপন হােৱা বেৰী হােৱাইট মেডিকেল স্কুলৰ উন্নীতকৰণ হৈ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্রতিষ্ঠা হয় ।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনত আগষ্টত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীয়ে ব্যৱহাৰ কৰা এখন চিকিৎসালয়ৰ চৌহদলৈ এই মহাবিদ্যালয়খন স্থানান্তৰিত কৰা হয় ।

এই নতুন চিকিৎসা মহাবিদ্যালয়খনক অসম চিকিৎসা মহাবিদ্যালয় হিচাপে নামকৰণ কৰা হয় । অসমৰ সাধাৰণ জনগণক স্বাস্থ্যসেৱা প্ৰদানৰ দিশটোৰ প্রতি লক্ষ্য ৰাখি ১৯৪৭ চনৰ ৩ নৱেম্বৰত ইয়াক আনুষ্ঠানিকভাৱে প্রতিষ্ঠা কৰা হয় ।